![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কথাশিল্পী অসমৰ সাহিত্য জগতৰ কাণ্ডাৰী শ্ৰদ্ধাৰ হোমেন বৰগোঁহাঞিদেৱৰ আজি পুৱাতে ইহলীলা সম্বৰণ কৰাৰ পিছত সমগ্ৰ সাহিত্য জগতখন শোক সাগৰত ডুব গৈছে ৷ এই উদ্দেশ্যে আজি ঐতিহ্যমণ্ডিত ডিফু ক্লাৱত কাৰবি আংলং জিলা কৰুণাধাৰা সমিতিৰ উদ্যোগত এক শোক সভা অনুষ্ঠিত কৰে ৷ কৰুণাধাৰা সমিতিৰ সভাপতি নিখিলদাসৰ পৌৰুহিত্যত অনুষ্ঠিত শোক সভাখনৰ আৰম্ভনিতে শুভাকাংখী সকলে প্ৰয়াত হোমেন বৰগোঁহাঞি দেৱৰ প্ৰাতৃকৃতিৰ সন্মূখত বন্তি প্ৰজলনৰ লগতে পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগতে তেওঁৰ বিদেহি আত্মাৰ সদ্গতিৰ বাবে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷
জীৱিত কালত হোমেন বৰগোঁহাঞিদেৱৰ নিকট সান্নিধ্য লাভ কৰা ডিফুৰ বিশিষ্ট সাহিত্যিক -সাংবাদিক পৱিত্ৰ বৰাই স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰয়াত সাহিত্যিকগৰাকীৰ শৈশৱ সুলভ মধুৰ আচৰণ আৰু কঠোৰ জীৱন সংগ্ৰামৰ ওপৰত আলোকপাত কৰে ৷ ইয়াৰোপৰি সাংবাদিক পেঞ্চনাৰ নগেন বৰা, সাহিত্যক ভৱ প্ৰসাদ দেউৰীৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে হোমেন বৰগোঁহাঞিদেৱৰ জীৱনজোৰা সাধনা আৰু অসমীয়া সাহিত্যৰ জগতখনলৈ আগবঢ়াই যোৱা অৱদানৰ ওপৰত বিস্তৃত বাখ্যা দাঙি ধৰে ৷
আনহাতে কাৰবি আংলং জিলাৰ কৰুণাধাৰা সমিতিৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই সাংবাদিকৰে সৈতে বাৰ্তালাপত কয়যে, প্ৰয়াত হোমেন বৰগোঁহাইদেৱৰ কাৰবি আংলঙৰ সৈতে নিবিড় সম্পৰ্ক আছিল ৷ তেওঁ ৩০ বাৰকৈ কাৰবি আংলঙলৈ আহিছিল আৰু ইয়াৰ নৱ প্ৰজন্মক সাহিত্য সাধনাৰ বাবে অনুপ্ৰাণিত কৰিছিল৷












