![]()
নিউজ ডেস্কঃ
কৰোনা সংক্রমণৰ কাৰণে এইবাৰো পিছুৱাই গ’ল ইউপিএছচি পৰীক্ষা। যোৱাবাৰো একেই কাৰণত পিছুৱাই গৈছিল সর্বভাৰতীয় চিভিল ছার্ভিচ পৰীক্ষা। বৃহস্পতিবাৰে ইউপিএছচিৰ তৰফৰ পৰা জনোৱা হৈছে যে সাম্প্রতিক কোভিড পৰিস্থিতিত পৰীক্ষা কাৰ্যসূচীৰ পৰিবর্তন কৰা হৈছে। ২৭ জুনত হ’বলগীয়া আছিল সর্বভাৰতীয় চিভিল ছার্ভিচ পৰীক্ষা। এতিয়া সেয়া পিছুৱাই গৈ প্রায় চাৰি মাহ পিছত ১০ অক্টোবৰত অনুষ্ঠিত হ’ব। আয়োগৰ নিজৰ ৱেবছাইটত এই সন্দৰ্ভত বিজ্ঞপ্তিও দিয়া হৈছে।
উল্লেখ্য, প্রশাসনিক স্তৰৰ আমোলা নির্বাচন হয় ইউনিয়ন পাব্লিক ছার্ভিচ কমিছনৰ জৰিয়তে। যোৱা বছৰো কৰোনাৰ কাৰণে পিছুৱাই গৈছিল এই পৰীক্ষা। সমগ্ৰ প্রক্রিয়াটোৱেই বিলম্বিত হৈছিল। এই বছৰো প্রায় একেই পৰিস্থিতি। ইউপিএছচি প্রিলিমিনাৰী প্রায় ৪ মাহ পিছুৱাল। ইয়াৰ পিছত মেইনছ আৰু ইণ্টাৰভিউৰ শেষত যোগ্য প্রার্থী নির্বাচন কৰাৰ পিছতহে হ’ব নিয়োগ। ফলত ২০২১ চনতো আমোলা নিয়োগৰ প্রক্রিয়া বহুখিনি পিছুৱাই যোৱাৰ আশঙ্কা কৰা হৈছে।











