![]()
ছাইদুল ইছলাম
ডিফু : আজি বিয়লি হাওৰাঘাট থানাৰ অন্তৰ্গত তথা উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অধীনস্থ ফুলনিত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হয় । ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি প্ৰায় ৩.৩০ বজাত ফুলনিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপতে বিপৰীত দিশৰ পৰা আহি থকা এএছ-০৯-এইচ-০৬২৭ নম্বৰৰ মাৰুতী এল্ট’খনৰ সৈতে এএছ-০৯-ই-১০৩৩ নম্বৰৰ মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত দুয়োজন মটৰ চাইকেল আৰোহী অতি গুৰুতৰভাৱে আহত হয়।

আহত দুয়োগৰাকীকে তৎপৰতাৰে বকলীয়াঘাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই ইয়াৰে এজন নিহত হয়। নিহত যুৱকজন ঢেকীয়াজুলিৰ ৰাইথাই বসুমতাৰী (২২) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত আহত আনজন যুৱক কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত চিপিপলাংছ’ৰ অজয় নাৰ্জাৰী (১৮) বুলি চিনাক্ত কৰা হৈছে । আহত যুৱকজনক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে যুৱকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।













