![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি দিন-দুপৰতে ডিফুৰ সমীপৱৰ্তী ডিফু-ধনশিৰি পথৰ ওপৰতে এজন যুৱকক গুলীয়াই হত্যা কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অচিনাক্ত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ৷ মৃত যুৱকজন ডিফু শীতলাবাৰী নিবাসী দিপক সিনহাৰ পুত্ৰ দেৱজিৎ সিনহা (২১) বুলি চিনাক্ত কৰা হৈছে ৷ শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক৷
মোবাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শিতলাবাৰীত৷ ডিফুৰ পৰা বাইকেৰে ধনশিৰীৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজন ৷ যুৱকজনৰ সৈতে বাইকখনত গৈছিল এগৰাকী যুৱতীও ৷ তেনেতে হাতীকেম্প নামৰ ঠাইত দুই অচিনাক্ত যুৱকে আগভেটি ধৰে যুৱকজনক ৷ কিছু সময় তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পাছতেই তিনিটাকৈ গুলী মাৰি হত্যা কৰে যুৱকজনক৷ তাৰ পাছতেই দেৱজিতৰ বাইকখন লৈ পলাই যায় দুই হত্যাকাৰী ৷ বৰ্তমান ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ উক্ত ঘটনাই এতিয়া সমগ্ৰ ডিফু চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷












