![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কৰোনাৰ শেহতীয়া সংক্রমণৰ ফলত কাৰ্বি আংলং জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা ক্রমাৎ বৃষ্টি পাবলৈ লোৱাৰ সময়তে কালি সন্ধিয়া বকলীয়ঘাটৰ মতিচান্দ চৌহান (৬০) নামৰ লোকজন কৰোনাত আক্ৰান্ত হৈ মৃত হোৱাৰ দিনাই বকলীয়াঘাট এলেকাত শোকৰ ছাঁ পেলাইছে। প্রাপ্ত তথ্য অনুসৰি, যোৱা কিছুদিন ধৰি চর্দি, কাঁহ, জ্বৰ আদি ৰোগত ভুগি থকা চৌহানৰ শেহতীয়াকৈ কৰোনাৰ পৰীক্ষাত দেহত কৰোনাৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছত যোৱা ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। ডিফুত চিকিৎসাধীন অবস্থাতে কালি সন্ধিয়া প্রায় ছয় বজাত চৌহানৰ মৃত্যু হয়।
উল্লেখযোগ্য যে, বকলীয়াঘাটত স্বাস্থ্যসেৱাৰ তেনেই পুতৌলগা অৱস্থাৰ সময়ৰে পৰা ফাৰ্মেচী প্রতিষ্ঠা কৰি বকলীয়াঘাটৰ লোকসকলক স্বাস্থ্যসেৱা প্রদান কৰি অহা মতিচাদ চৌহান বকলীয়াঘাটৰ এগৰাকী জনপ্রিয় ব্যক্তি। তথা সৰবৰহী লোক হিচাপে পৰিচিত আছিল। চৌহানৰ আকস্মিক মৃত্যুৰ বাতৰিত বকলীয়াঘাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সন্থায়ো চৌহানৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।













