![]()
নিউজ ডেস্কঃ
কোভিডৰ আঁৰ লৈ গঢ়ি উঠিব পৰা ক’লা বজাৰ বন্ধ কৰিবলৈ এইবাৰ তৎপৰ কেৰালা চৰকাৰ। কৰোনা পৰিস্থিতিত চিকিৎসা সৰঞ্জামত যাতে কোনো ধৰণৰ ক’লা বজাৰ নহয় তাক ৰুধিবলৈ শনিবাৰে ‘অত্যাৱশকীয় দ্রব্য নিয়ন্ত্রণ আইন’ অনুযায়ী বহু কেইবিধ চিকিৎসা সৰঞ্জামৰ মূল্য বান্ধি দিলে পিনাৰাই বিজয়নে। চৰকাৰী টুইটাৰ হেণ্ডেলত তেওঁ জনায়, এতিয়াৰে পৰা ব্যৱসায়ীসকলে পিপিই কিট সর্বাধিক ২৭৩ টকাত, এন-৯৫ মাস্ক ২২ টকাত, ট্রিপল লেয়াৰ মাস্ক ৩.৯০ টকা, ফেচ শিল্ড ২১ টকাত, ডিছপোজেবল এপ্রন ১২ টকা, ছার্জিকেল গাউন ৬৫ টকা আৰু ইন্সপেকচন গ্ল’ভছ ৫.৭৫ টকাত বিক্রী কৰিব পাৰিব।
ইয়াৰ লগতে তেওঁ জনায়, ৫০০ মিঃলিঃ হেণ্ড ছেনিটাইজাৰ ১৯২ টকা, ২০০ মিঃলিঃ ৯৮ টকা, ১০০ মিঃলিঃ ৫৫ টকা মূল্যত বিক্রী কৰিব লাগিব ব্যৱসায়ীসকলে। ষ্টেৰাইল গ্ল’ভছৰ মূল্য এযোৰত ১৫ টকা, এনআৰবি মাস্ক ৮০ টকা, অক্সিজেন মাস্ক ৫৪ টকা, হিউমিডিফায়াৰসহ ফ্ল’-মিটাৰৰ মূল্য সর্বাধিক ১৫২০ টকা আৰু পালছ অক্সিমিটাৰৰ দাম সর্বোচ্চ ১৫০০ টকা ল’ব পাৰিব। কেৰালা চৰকাৰৰ সূত্র মতে, অতিমাৰি পৰিস্থিতিত সাধাৰণ মানুহে যাতে সঠিক চিকিৎসা লাভ কৰে আৰু ক’লা বজাৰ নহয় তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।











