নিউজ ডেস্কঃ
মঙলৰ মাটিত সফলভাবে অৱতৰণ কৰিলে চীনৰ জুৰং ৰভাৰ। শুক্রবাৰে মাজনিশা ৰঙা গ্রহৰ বায়ুমণ্ডলৰ বাধা আঁতৰাই পেৰাছুটৰ সহায়ত ইউটোপিয়া প্লেনিছিয়া লাভাভূমিত নামে। আমেৰিকাৰ পাৰছিভাৰেন্স ৰভাৰৰ পিছত চীনৰ জুৰং ৰভাৰে দ্বিতীয় প্রতিনিধি হিচাবে মঙলৰ মাটি স্পৰ্শ কৰে। চীনৰ এই মিছনৰ নাম দিয়া হৈছিল নিহাও মাৰ্ছ।
ইতিহাস সৃষ্টি কৰি চীনে প্রথম মিছনতেই সফলভাবে প্রদক্ষিণ, অৱতৰণ আৰু ৰোভিং কৰাব পাৰিছে। ইয়াৰ পূৰ্বে মঙলৰ কক্ষপথত উপনীত হ’ব পাৰিছিল কেৱল ৰাছিয়া আৰু আমেৰিকা।
মহাকাশত কীর্তিস্থাপনত ক্রমে বৃহৎ শক্তি হৈ উঠিছে চীন। পূৰ্বতে যি ৰাছিয়া আৰু আমেৰিকাৰ একচ্ছত্ৰী আধিপত্যত আছিল এতিয়া তাত ভাগ লৈছে এছিয়াৰ দেশখনে। মহাকাশলৈ মানুহ পঠোৱা, চন্দ্ৰলৈ যান পঠোৱা আৰু এইবাৰ মঙলত খোজ, সকলো ডাঙৰ কৃতিত্বই তেওঁলোকৰ হাতত। চাইনিজ সাধুকথাৰ অগ্নিদেৱতাৰ নামত নামাঙ্কিত জুৰং ৰভাৰক লৈ মঙলৰ উদ্দেশ্যে যোৱা বছৰ জুলাইত ৰাওনা হৈছিল টিৱানৱেন-১ মহাকাশ যান। ৰঙাগ্রহৰ কক্ষপথত প্ৰৱেশ কৰিছিল এই বছৰৰ ফেব্রুৱাৰীত। কেইমাহমান প্রদক্ষিণ কৰি এইবাৰ মাটি স্পৰ্শ কৰিলে লেণ্ডাৰে। জুৰঙে এইবাৰ মঙলৰ মাটি পৰিভ্ৰমণ কৰি শিল সংগ্রহ কৰিব। দাঙি ধৰিব বহুতো অজান তথ্য।