![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শনিবাৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী ডিফু-ধনশিৰি পথত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হোৱা নিৰিহ যুৱক দেৱজিত সিনহাৰ ঘৰত আজি উপস্থিত হয় কাৰবি আংলং জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা ৷ উপায়ুক্ত গৰাকীয়ে শীতলাবাড়ীৰ ৰে’লআলিৰ ওচৰত থকা মৃত দেৱজিৎ সিনহাৰ বাসগৃহত উপস্থিতহৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে ৷
উপায়ুক্তগৰাকীৰ সৈতে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি অংকিত পালেও সংগ দিয়ে ৷ জিলা উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত যাৱতীয় আইনী প্ৰক্ৰিয়া স্বচ্ছতাৰে আগবঢ়াই নিয়াৰ লগতে জিলা প্ৰশাসনেও সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে বুলি সভাপতি অংকিত পালে জানিবলৈ দিছে ৷












