![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰহাৰ খাইগঁড়ত ধৰ্ষণৰ পিছত হত্যাৰ বলি হোৱা কাৰবি জীয়ৰী চুমিলা ৰংহাঙপীৰ ঘৰত টীম কাৰবি আংলংসহ উপস্থিত হয় কাৰবি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷ তাত উপস্থিত হৈয়েই এখন অত্যাধুনিক সা-সুবিধাযুক্ত ইংৰাজী মাধ্যমৰ মধ্য-উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু ছাত্ৰ-ছাত্ৰীৰ আৱাসিক গৃহৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চুমিলা ৰংহাংপীৰ পিতৃ-মাতৃৰ হাতত অৰ্পন কৰে উনৈশ লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক।

দেওবাৰে ৰহাৰ খাইগঁড়ৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰত বিগত ২২ এপ্ৰিলত নৃশংসভাবে হত্যাৰ বলি হৈছিল পশ্চিম কাৰ্বি আংলঙৰ কুদাম ৰংহাং গাঁৱৰ চুমিলা ৰংহাংপী। দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পিতৃ গৃহত ঘটনাৰ ২৫ দিনৰ পাছত উপস্থিত হয় কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ডিফুৰ সাংসদ হৰেণছিং বে, তিনি বিধায়ক ক্ৰমে বৈঠালাংছ’ৰ ৰূপছিং তেৰণ, হাওৰাঘাটৰ দৰছিং ৰংহাং, ডিফুৰ বিদ্যাছিং ইংলেং আৰু পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ এক বৃহৎ দল। পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চুমিলা ৰংহাংপীৰ পিতৃ-মাতৃৰ হাতত অৰ্পন কৰে চিইএম সাহায্য পুঁজিৰ পৰা দহ লাখ টকাৰ এককালীন সাহায্যৰ এখন চেক।
ইয়াৰ উপৰিও এটি গৃহ নিৰ্মাণৰ বাবে কাৰ্বি পৰিষদৰ ২৬ জন সদস্যৰ লগতে এজন সাংসদ, চাৰিজনকৈ বিধায়কৰ এমাহৰ দৰমহা মুঠ ৮,৪০,১৭২ টকাৰ আন এখন চেক প্ৰদান কৰে সুমিলাৰ পিতৃ-মাতৃক । চি ই এম তুলিৰাম ৰংহাঙে গাঁৱখনত চুমিলা নামত এখন অত্যাধুনিক সা-সুবিধাযুক্ত ইংৰাজী মাধ্যমৰ মধ্য আৰু উচ্চ মাধ্যমিক আৱাসিক বিদ্যালয়ৰ লগতে চুমিলাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে।

অনতিপলমে সুমিলাৰ নামত এটি বয়ন কেন্দ্ৰ স্থাপন আৰু খোৱা পানী উপলব্ধ কৰাৰ লগতে চুমিলাৰ ঘৰলৈ যোৱা পথটো পকী ব্লকেৰে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চি ই এম তুলিৰাম ৰংহাঙে। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ষাঠি কোটি টকাৰ সাহাৰ্যৰে কাৰ্বি পাহাৰৰ প্ৰাথমিক আৰু মাধ্যমিক বিদালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা হাতত লোৱা বুলিও উল্লেখ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।












