![]()
নিউজ ডেস্কঃ
‘মিছ ইউনিভাৰ্ছ’ৰ মঞ্চতো এইবাৰ দেখা গ’ল প্লেকার্ড, ‘প্রে ফৰ ম্যানমাৰ।’ উল্লেখ্য, ফেব্রুৱাৰী মাহত সেনা অভ্যুত্থানৰ পিছৰ পৰাই ম্যানমাৰৰ পৰিস্থিতি অতি কঠিন। সামৰিক জুন্টাৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ আহ্বান জনাইছে বহু কেইটা বিদ্রোহী সংগঠনে। এনে পৰিস্থিতিত আন্তর্জাতিক মঞ্চৰ দৃষ্টি আকর্ষণ কৰিবলৈ ‘মিছ ইউনিভাৰ্ছ’ প্রতিযোগিতাৰ মঞ্চত প্রতিবাদ জনালে ম্যানমাৰৰ সুন্দৰী মা থুজাৰ উইন্ট লুইনে। কেৱল সেয়াই নহয়, প্রতিযোগিতাৰ মঞ্চত অভিনৱ প্রতিবাদ জনাইছে ছিঙ্গাপুৰৰ সুন্দৰী বার্নার্ডেট বেল আৰু উৰুগুৱেৰ সুন্দৰী লোলা ডে লছ ছেন্টোছে।
দেওবাৰে ফ্লোৰিডাত ‘মিছ ইউনিভাৰ্ছ’ প্রতিযোগিতাৰ মঞ্চত বার্মিজ জুন্টাৰ বিৰুদ্ধে প্রতিবাদত সৰৱ হয় ম্যানমাৰৰ প্রতিযোগী উইন্ট লুইন। হাতত এখন বেনাৰ লৈ মঞ্চত উঠে তেওঁ। তাত লিখা আছিল, ‘প্রে ফৰ ম্যানমাৰ’ অর্থাৎ ‘ম্যানমাৰৰ বাবে প্রার্থনা কৰক’। ফ্লোৰিডাৰ পৰাই এক ভিডিও বার্তাত তেওঁ কয়, ‘সেনাবাহিনীৰ গুলীত প্রতিদিনে আমাৰ জনসাধাৰণৰ মৃত্যু হৈছে। সকলোৰে ওচৰত মোৰ আবেদন, আপোনালোকে ম্যানমাৰৰ বাবে মাত মাতক। আমি যিমান পাৰি প্রতিবাদ কৰিছো।’
উল্লেখ্য, মিছ ইউনিভাৰ্ছ প্রতিযোগিতাৰ শেষ পৰ্যায়লৈ উন্নীত হ’ব নোৱাৰিলেও ‘বেষ্ট নেচনেল কষ্টিউম’ৰ পুৰস্কাৰ লাভ কৰে তেওঁ। ছিঙ্গাপুৰৰ সুন্দৰীসকলৰ আকৌ প্রতিবাদৰ ভাষা আছিল, ‘এছিয়ানসকলক ঘৃণা কৰা বন্ধ কৰক।’ পোছাকৰ জৰিয়তেই অভিনৱ প্রতিবাদ জনায় তেওঁ। ঠিক একেদৰে পোছাকৰ জৰিয়তে প্রতিবাদ জনায় উৰুগুৱেৰ সুন্দৰীয়ে। তেওঁ কয়, ‘হিংসা, ঘৃণা, প্রত্যাখ্যান কৰক, বৈষম্যৰ ৰাজনীতি আৰু নিবিচাৰো।’











