![]()
নিউজ ডেস্কঃ
দিন যিমানে গৈছে, কোভিডৰ দ্বিতীয় ঢৌত অক্সিজেনসহ চিকিৎসাৰ বিভিন্ন সৰঞ্জামৰ ঘাটি দেশজুৰি প্রকট হৈছে। অতিমাৰি পৰিস্থিতি মোকাবিলাত ব্যর্থ হোৱাত কেন্দ্রক সমালোচনা কৰিছে বিৰোধীয়ে। এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৰোনা চিকিৎসাৰ জৰুৰী সৰঞ্জাম ভেন্টিলেটৰৰ সৈতে তুলনা কৰিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে।
সোমবাৰে পুৱা ১১ বজাত টুইটাৰত এটি পোষ্টত ৰাহুলে প্রধানমন্ত্রীৰ সৈতে ভেন্টিলেটৰৰ সাদৃশ্যৰ প্রসঙ্গ টানে। তুলনা কৰিবলৈ গৈ তিনিটা বিষয়ৰ উল্লেখ কৰে কংগ্রেছ সাংসদজনে। তেওঁ কয়, ‘প্রথম, জনগণৰ সৈতে সম্পর্ক নাই। দ্বিতীয়, নিজৰ কাম নকৰে। তৃতীয়, যেতিয়া প্রয়োজন, তেতিয়া বিচাৰিলে পোৱা নাযায়৷’
সম্প্রতি পিএম কেয়াৰ্ছ পুঁজিৰ ধনেৰে ক্ৰয় কৰা ভেন্টিলেটৰ বহু কেইখন ৰাজ্যলৈ পঠাইছে কেন্দ্রই। তাৰ পিছতেই সেই ৰাজ্যবোৰৰ পৰা অভিযোগ আহে, বেয়া ভেন্টিলেটৰ পঠাইছে কেন্দ্রই। পঞ্জাবৰ ফৰিদকোটৰ গুৰুগোবিন্দ সিং মেডিকেল কলেজ আৰু হস্পিটেলে জনাইছে, প্ৰেৰণ কৰা ভেন্টিলেটৰত ত্ৰুটি থকাত সেয়া ব্যৱহাৰ কৰিব পৰা যোৱা নাই। কিন্তু কেন্দ্রৰ দাবী, উক্ত হস্পিটেলখনত পর্যাপ্ত আন্তঃগাঁথনি নথকাত কাম কৰা নাই ভেন্টিলেটৰবোৰে।
সম্প্রতি চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ সৈতে বৈঠকত নৰেন্দ্র মোদীয়ে নির্দেশ দিছে, কেন্দ্রই পঠোৱা ভেন্টিলেটৰৰ ‘সদ্ব্যৱহাৰ’ কৰক ৰাজ্যবোৰে। লগতে তাৰ হিচাব-নিকাচো কৰা হওক। কিন্তু পিএম কেয়াৰ্ছৰ ধনৰ ‘অডিট’ কৰা চিএজি (কম্পট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল অব ইণ্ডিয়া)ৰ অধীনত নপৰে বুলি কেন্দ্র নিজেই সেয়া জনাইছে। ফলত হিচাব-নিকাচ কোনে কৰিব, সেয়া এতিয়াও স্পষ্ট নহয়।











