![]()
নিউজ ডেস্কঃ
কৰোনা টীকাকৰণ সংক্রান্তীয় নীতি নির্ধাৰণৰ বাবে কেন্দ্রৰ নিযুক্ত বিশেষজ্ঞ কমিটি (নেচনেল টেকনিকেল এডভাইজৰী গ্রুপ অন ইমিউনাইজেচন বা এনটিএজিআই)-এ চলিত মাহতেই জনাইছিল যে সুস্থ হৈ উঠাৰ প্ৰায় ৬ মাহ পিছত কোভিড আক্রান্তসকলক টীকা দিব পাৰি। কিন্তু মঙ্গলবাৰে কেন্দ্রক কমিটিয়ে পৰামৰ্শ দিছে যে কোভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছত টীকা লোৱাৰ সময়সীমা ৯ মাহ কৰিব পাৰি।
এনটিএজিআই সূত্রৰ খবৰ অনুযায়ী, কৰোনা টীকাকৰণৰ দায়িত্বপ্রাপ্ত বিশেষজ্ঞ সংস্থা ‘নেচনেল এক্সপার্ট গ্রুপ অন ভেকচিন এডমিনিস্ট্রেচন ফৰ কোভিড-১৯’ (নেগভেক)ৰ সৈতে আলোচনাৰ ভিত্তিতেই টীকা নীতিত কিছু সংশোধন কৰাৰ পৰামৰ্শ দিয়া হৈছে কেন্দ্রক। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আগন্তুক কেইদিনমানৰ ভিতৰতেই এই বিষয়ত সিদ্ধান্ত ঘোষণা কৰিব পাৰে বুলি চৰকাৰী সূত্রত প্ৰকাশ।
উল্লেখ্য, ইয়াৰ পূৰ্বে কোভিশিল্ডৰ প্রথম টীকা আৰু দ্বিতীয় টীকা লোৱাৰ ব্যৱধান ৪ৰ পৰা ৬ সপ্তাহ থাকিলেও এনটিএজিআইৰ পৰামর্শতেই সেয়া বৃদ্ধি কৰি ১২ৰ পৰা ১৬ সপ্তাহ কৰা হৈছিল।











