![]()
নিউজ ডেস্কঃ
বহু ক্ষেত্রতেই কৰোনা ৰোগীক প্লাজমা দি কোনো লাভ হোৱা নাই, কাম কৰা নাই। সেয়ে কোভিড চিকিৎসা বিধিৰ পৰা প্লাজমা থেৰাপিক আঁতৰালে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ (আইচিএমআৰ)-এ।
বিগত সপ্তাহত এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈচিল আইচিএমআৰৰ টাস্ক ফৰ্চৰ। তাতেই সকলোৱে একমত হয় যে কোভিড চিকিৎসাৰ উপায় হিচাবে প্লাজমা থেৰাপিক আৰু ধৰা নহ’ব। তাৰ পূৰ্বে বিষয়টিক লৈ প্রধান বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘবনক পত্ৰ দিয়ে আগশাৰীৰ বহু কেইজন বিজ্ঞানীয়ে। তেওঁলোকে উক্ত পত্ৰত প্লামজা থেৰাপিৰ ব্যৱহাৰক ‘অযৌক্তিক আৰু অবৈজ্ঞানিক’ বুলি উল্লেখ কৰে। তাৰ পিছতেই লোৱা হয় এই সিদ্ধান্ত।











