![]()
নিউজ ডেস্কঃ
নৈতিক বা সামাজিক কোনো ধৰণেই লিভ–ইন সম্পর্কক মানি লোৱাটো সম্ভৱ নহয়। লিভ–ইন সম্পর্ক থকা এহাল প্ৰমিক যুগলে তেওঁলোকৰ সুৰক্ষাৰ বাবে কৰা আবেদন নাকচ কৰি এই মন্তব্য কৰে পঞ্জাব আৰু হাৰিয়ানা হাইকোর্টে।
উত্তৰ প্রদেশৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ সৈতে সম্পর্ক আছিল পঞ্জাবৰ ২২ বছৰীয়া যুৱকৰ। পৰিয়ালৰ অমতত তেওঁলোকে বিয়া নকৰোৱাকৈ একেলগে থকাৰ সিদ্ধান্ত লৈছিল। ঘৰৰ পৰা পলাই গৈ লিভ–ইন আৰম্ভ কৰে উক্ত যুৱক-যুৱতীয়ে। এই মুহূর্তত বিয়া কৰোৱাৰ কোনো পৰিকল্পনা নাথাকিলেও নিৰপত্তাৰ অভাৱ বোধ কৰাত পঞ্জাব আৰক্ষীৰ দ্বাৰস্থ হয় তেওঁলোক। ইয়াৰ পিছৰ পৰাই বৃদ্ধি পায় ভাবুকিৰ পৰিমাণ।
অৱশেষত আদালতৰ ওচৰত নিৰাপত্তা বিচাৰে আবেদন জনায় দুয়োৱে। তেওঁলাকৰ অধিবক্তা জেএছ ঠাকুৰে কয়, উক্ত যুগলৰ যে বিয়া কৰোৱাৰ ইচ্ছা নাই তেনে নহয়। কিন্তু ছোৱালীজনীৰ আধাৰ কার্ড আৰু অন্যান্য পৰিচয়-পত্র আছে তেওঁৰ পিতৃৰ ওচৰত। এই অৱস্থাত আইনী বিয়া সম্ভৱ নহয় বাবেই লিভ–ইন সম্পর্কৰ দিশে আগবাঢ়িছে তেওঁলোক। কিন্তু তেওঁলোকক ক্রমাগত হত্যাৰ ভাবুকি দি অহা হৈছে।
লগতে অধিবক্তাজনে উল্লেখ কৰে যে ছুপ্রিম কোর্টে ইয়াৰ আগতে লিভ–ইন সম্পর্কক মানি লৈছে। এই পৰিস্থিতিত হাইকোর্টৰ দ্বাৰস্থ হৈ উক্ত যুগলে তেওঁলোকৰ সুৰক্ষাৰ আবেদন জানাইছিল। কিন্তু শুনানিৰ পিছত ন্যায়াধীশ এইচএছ মাদানৰ বিচাৰপীঠে জনায় যে, ‘আবেদনকাৰীয়ে বর্তমান পিটিচনৰ জৰিয়তে তেওঁলোকৰ লিভ–ইন সম্পর্কৰেই অনুমোদন বিচাৰিছে। যিটো নৈতিক ও সামাজিক দিশৰ পৰা গ্রহণীয় নহয়। সেয়ে এই পিটিচনৰ বাবে কোনো সুৰক্ষা সংক্রান্তীয় নির্দেশ দিয়া সম্ভৱ নহয়।’











