![]()
নিউজ ডেস্কঃ
কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ বাবে বিশেষ সাহায্য ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। কোভিডত মৃত্যু হোৱা পৰিয়ালৰ লোকে পাব ৫০ হাজাৰ টকাৰ এককালীন সাহায্য।
আনহাতে, মৃত্যু হোৱা লোকজন যদি পৰিয়ালৰ উপার্জনকাৰী হয় তেন্তে পৰিয়ালৰ উপযুক্ত ব্যক্তিগৰাকীয়ে লাভ কৰিব পেঞ্চন। এইক্ষেত্ৰত যদি মৃতক স্বামী হয় তেন্তে পত্নীয়ে আৰু মৃতক পত্নী হ’লে স্বামীয়ে পেঞ্চন পাব। লগতে পিতৃ-মাতৃ হেৰুওৱা সন্তানে মাহে ২৫০০ টকাকৈ বৃত্তি লাভ কৰিব আৰু পঢ়া-শুনা বিনামূলীয়া হ’ব।











