![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ১৫ মে’ত ডিফু-ধনশিৰি পথত হত্যাকাণ্ডৰ গোছৰত বৃহৎ সফলতা লাভ কৰিছে ৷ আজি ডিফু-ধনশিৰি পথত দেৱজিৎ সিনহা নামৰ যুৱকজনৰ হত্যাকাণ্ডৰ দুই মূল হত্যাকাৰীক কাৰবি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আজি ডিফু থানাত এক সংবাদমেলৰ আয়োজন কৰি কাৰবি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱালে কয় যে,এক বিশেষ সূত্ৰৰ পমখেদি কাৰবি আংলং আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ব কৰিবলৈ বিভিন্ন গোটত বিভক্ত হৈছিল ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, ডিফু থানাৰ অ’চি সীমান্ত বৰা, মাঞ্জা থানাৰ অ’চি জিতুমনি ডেকা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথে বিভিন্ন গোটসমূহক নেতৃত্ব দি অভিযান চলাইছিল উক্ত অভিযানৰ ফলত আজি দুপৰীয়া মাঞ্জাৰ পৰা ফ্ৰেঞ্চিছ ইংতি(৩৭) আৰু ডিফুৰ পৰা ৱাইছং তেৰাঙ (২৮)ক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযুক্তদ্বয়ৰ কৱলৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত এটা .২২ পিষ্টল আৰু ৫ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ আগত অভিযুক্তদ্বয়ে দেৱজিৎ সিনহা হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি জনায় ৷
ঘটনাৰ বিৱৰণী অনুসৰি ১৫ মে’ত দেৱজিৎ সিনহাই তেওঁৰ লগত এজনী যুৱতীকলৈ বাইক চলাই ডিফু অভিমুখে আহি থকা সময়ত অভিযুক্তদ্বয়ৰে ডিফু-ধনশিৰি পথৰ হাতীকেম্পৰ ওচৰত মুখামুখী হয় ৷ দেৱজিৎ আৰু যুৱতীগৰাকীৰ ওপৰত হোৱা সন্দেহৰ বাবে দুয়োৰে পৰা ধন ঘটাৰ ইচ্ছা কৰিছিল অভিযুক্তদ্বয়ে ৷ ধন নাপাই দেৱজিতৰ মটৰ চাইকেলখন লৈ যাব খোজোতেই তৰ্ক বিবাদ হয় আৰু অৱশেষত পথৰ ওপৰতে গুলীয়াই হত্যা কৰি অভিযুক্তদ্বয় আতৰি যায় ৷

অভিযুক্তদ্বয়ৰ ফ্ৰেঞ্চিছ ইংতি প্ৰাক্তন কেপিএলটি সদস্য থকাৰ বিপৰীতে ৱাইছং তেৰাঙ সাধাৰণ লোক যদিও ১৫ মে’ত ৱাইচং তেৰাঙেই দেৱজিতক পিষ্টলেৰে গুলীয়াই হত্যা কৰে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত ডিফু থানাত 122/2021 নম্বৰত এক গোছৰ ৰুজো দি ভাৰতীয় দণ্ডবিধি আইনৰ 302/379/34 IPC আৰু R/W ধাৰা, 26/(1)A /27 ত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিছে আৰক্ষীয়ে ৷ মাত্ৰ তিনিদিনৰ ভিতৰতে কাৰবি আংলং আৰক্ষীৰ এই বৃহৎ সফলতাত সচেতন মহলে শলাগ লৈছে ৷












