![]()
নিউজ ডেস্কঃ
কোভিড পৰিস্থিতিত পুনৰ ওচৰ চাপি আহিল দুই প্রতিবেশী দেশ। ভাৰতৰ ফালে দ্বিতীয়বাৰৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বাংলাদেশে। কলকাতাত বাংলাদেশৰ উপ উচ্চায়ুক্ত পেট্রাপোলে এই সাহায্য তুলি দিয়ে ভাৰতীয় ৰেড ক্রছ ছচাইটিৰ হাতত।
বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনাৰ নির্দেশত বিদেশ মন্ত্রালয়ে কোভিড মোকাবিলাৰ বাবে এই সাহায্য পঠাইছে। আজি সেই কথা জানিবলৈ দিয়ে বিদেশ মন্ত্রালয়ে। ২,৬৭২ বাকচ ঔষধ পঠাইছে বাংলাদেশে। তাত আছে পেৰাচিটামল, এন্টিবায়োটিক, ইনজেকচনসহ ১৮ প্ৰকাৰৰ ঔষধ আৰু চেনিটাইজাৰ।
উল্লেখ্য, ইয়াৰ আগতেও ৬ মে’ত ১০ হাজাৰ ভায়েল ৰিমডিচিভিৰ ইনজেকচন ভাৰতলৈ পঠাইছিল শ্বেখ হাচিনা চৰকাৰে। উপহাৰ হিচাবে এইবোৰ কোভিড মোকাবিলাৰ সামগ্ৰী পঠায় প্রতিবেশী দেশখনে।











