![]()
নিউজ ডেস্কঃ
ক্রমাগত ৰূপ সলনিৰ ফলত সংক্রমণ ক্ষমতাও বাঢ়িছে কৰোনা ভাইৰাছৰ কেইবাটাও নতুন প্রজাতিৰ। ভৱিষ্যতে ভাৰতসহ বিভিন্ন দেশত অধিক সংক্রামক ৰূপৰ সন্ধান লাভৰ সম্ভাৱনা আছে বুলি অনুমান কৰিছে গৱেষকসকলৰ একাংশই।
উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রতিবেদনত কোৱা হৈছিল, ২০২০ৰ অক্টোবৰত প্রথম ভাৰতত কৰোনা ভাইৰাছৰ বি.১.৬১৭ প্রজাতিবিধৰ (যিয়ে ‘কৰানাৰ ভাৰতীয় ৰূপ’ বুলি পৰিচিতি পাইছে) সন্ধান পোৱা যায়। পিছত সেয়া দ্রুততাৰে বিভিন্ন দেশত বিয়পি পৰে। দ্বিতীয় পৰ্যায়ৰ জিনগত চৰিত্র সলনিৰ কাৰণে বি.১.৬১৭ ভাইৰাছবিধক ‘দ্বি-নিষেচক’ (ডাবল মিউটেন্ট) হিচাবে চিহ্নিত কৰিছে হুই। যাৰ সংক্রমণ ক্ষমতা অন্য প্রজাতিবোৰৰ তুলনাত বেছি।
নেচাৰ পত্রিকাত প্রকাশিত এখন প্রতিবদনত কোৱা হৈছে, পৰৱর্তী সময়ত তিনিটা পৰ্যায়ত জিনৰ গঠন সলনি কৰা (ট্রিপল মিউটেন্ট) কৰোনা ভাইৰাছ বি.১.৬১৮ৰ সন্ধান পোৱা গৈছে পশ্চিমবঙ্গসহ কেইবাখনো ৰাজ্যত। অৱশ্যে দিল্লীৰ নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্রোলৰ সঞ্চালক সুৰজিৎ সিঙৰ মতে, বি.১.৬১৭ৰ ক্ষেত্রত সংক্রমণৰ হাৰ তুলনামূলকভাৱে বেছি। অর্থাৎ, ৰূপ সলালেই কৰোনা ভাইৰাছ বেছি সংক্রামক হ’ব, তেনে নহ’বও পাৰে।
ইফালে বিগত বছৰৰ আৰম্ভণিতে নভেল কৰোনা ভাইৰাছৰ যি ৰূপ ভাৰতত সংক্রমিত হ’বলৈ আৰম্ভ কৰিছিল, সেয়া বৰ্তমান বহুখিনি সলনি হৈ গৈছে বুলি বিশ্বাস কৰিছে গৱেষকসকলে। জিনৰ গঠন বিন্যাসৰ সলনিৰ ফলত সৃষ্টি হৈছে ডি-৬১৪জিৰ দৰে প্রায় ১০ গুণ বেছি সংক্রামক ৰূপ। সম্প্রতি মালয়েছিয়াত এই প্রজাতিৰ কৰোনা ভাইৰাছৰ সন্ধান লাভ কৰা হৈছে।











