![]()
নিউজ ডেস্কঃ
সোমবাৰে নিশা গুজৰাটত তাণ্ডৱ সৃষ্টি কৰে ঘূর্ণী বতাহ টকটেইয়ে। তেতিয়া গতিবেগ আছিল ১৬৫ কিলোমিটাৰ। ফলত প্রাণ হেৰুৱায় ৪৫ জনে। ভাবনগৰত মৃত্যু হয় ৫ জনৰ। বাকীসকল আমৰেলিসহ অন্য ৮ জিলাৰ বাসিন্দা। আকাশীপথেৰে আজি গুজৰাটৰ ক্ষতিগ্রস্ত এলেকা পৰিদর্শন কৰে প্রধানমন্ত্রী মোদীয়ে। তাৰ পিছতেই ৰাজ্যখনৰ পুনৰ সংস্থাপনত ব্যৱহাৰৰ বাবে ১ হাজাৰ কোটি টকাৰ অনুদান ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।
আজি মোদীয়ে আকাশীপথেৰে গুজৰাটৰ গিৰ সোমনাথ, আমৰেলি, ভাবনগৰ, দিউৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ঘোষণা কৰে, টকটেইৰ কাৰণে আৰব সাগৰ উপকূলৱর্তী যিবোৰ ৰাজ্যত প্রাণহানি হৈছে, তাত মৃতকৰ পৰিয়ালক ২ লাখকৈ টকা দিব। আহতসকলক দিব ৫০ হাজাৰকৈ। লগতে জনাইছে, ৰাজ্য চৰকাৰৰ সৈতে সহায়ৰ হাত আগবঢ়াব কেন্দ্রইও।











