![]()
নিউজ ডেস্কঃ
দেশত টীকাৰ সঙ্কটক লৈ বিৰোধীয়ে কেন্দ্রীয় চৰকাৰক কৰি আছে তীব্র সমালোচনা। কেন্দ্রৰ টীকা আবণ্টন নীতি সঠিক নহয় বুলি বাৰম্বাৰ অভিযোগ কৰি আহিছে বিৰোধীয়ে। ১৮ বছৰ ঊর্ধ্বৰ বাবে টীকাৰ কথা ঘোষণা কৰিলেও অধিকাংশ ৰাজ্যতেই টীকাৰ অভাৱত হোৱা নাই টীকাকৰণ। ৪৫ ঊর্ধ্বৰো বহু ঠাইত প্রথম পালিও দিয়া হোৱা নাই। আনহাতে, কেন্দ্রই ঘোষণা কৰিছে, এতিয়াৰ পৰা কোভিশিল্ডৰ দ্বিতীয় টীকাৰ পালি ল’ব লাগিব ১২ৰ পৰা ১৬ সপ্তাহ পিছত। এনে পৰিস্থিতিত বহুতৰে অনুমান, যোগানৰ অভাৱতেই কৌশলগতভাৱে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ পিছুৱাই দিব বিচাৰিছে চৰকাৰে। অৱশ্যে বৈজ্ঞানিক ভিত্তিতেই এই সিদ্ধান্ত বুলি কেন্দ্রই জনাইছে।
এনে পৰিস্থিতিৰ মাজতেই টীকা সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিলে কেন্দ্রই। অহা ১৫ জুনৰ ভিতৰত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰক মুঠ ৫ কোটি ৮৬ লাখ ২৯ হাজাৰ টীকাৰ পালি দিব কেন্দ্রই। তাৰ লগতে ১৫ জুনৰ ভিতৰত ৰাজ্যত টীকাকৰণৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিবলৈ নির্দেশ দিছে চৰকাৰে। লগতে টীকাকৰণ পর্ব সুস্থভাবে সম্পন্ন কৰিবলৈ জিলাভিত্তিক পৰিকল্পনা কৰাৰ কথাও কৈছে কেন্দ্রই।
বুধবাৰে ৰাজ্যবোৰক এই বিপুল পৰিমাণৰ টীকা দিয়াৰ কথা জনোৱাৰ উপৰি টীকা প্রস্তুতকাৰকসকলৰ পৰা জুনৰ শেষ পর্যন্ত আৰু ৪ কোটি ৮৭ লাখ ৫৫ হাজাৰ টীকাৰ পালি প্ৰত্যক্ষভাৱে ৰাজ্যবোৰে ক্ৰয় কৰিব পাৰিব বুলি জনাইছে কেন্দ্রই।











