নিউজ ডেস্কঃ
দেশৰ ‘ম’ষ্ট এলিজিবল বেচেলৰ’সকলৰ তালিকাত তেওঁ অন্যতম। তেওঁৰ প্রেমিকা হোৱাৰ ইচ্ছুকসকলৰ তালিকাও অতি দীঘলীয়া। কেতিয়া বিয়াত বহিব সেইটো অৱশ্যে জানিব পৰা হোৱা নাই। হয়, ৰাহুল গান্ধীৰ কথাকে ক’ব খোজা হৈছে। কিন্তু সম্প্রতি ছচিয়েল মিডিয়াত বিয়পি পৰা এখন ছবি এপলক দেখিয়েই মন ভাঙে ৰাহুল প্রেয়সী তৰুণীসকলৰ। ৰাহুল গান্ধীৰো ‘গার্লফ্রেণ্ড’ আছে? এইটো ভাবিয়েই হতাশ হৈ পৰে তেওঁলোক। পিছে আপুনি দেখিছেনে বাৰু সেই ফটো?
যুৱকজনৰ কোলাত এগৰাকী সুন্দৰী ৰমণী। পৰস্পৰৰ চকুত চকু। মুখত হাঁহি। পিছে ৰ’ব, প্রথম দৃষ্টিতে যুৱকজনক ৰাহুল গান্ধী বুলি ভুল নকৰিব! যদিও মুখাৱয়বৰ পৰা ওঁঠৰ হাঁহি, চুলিৰ সকলোতে অদ্ভূত মিল- কিন্তু ভালদৰে চালে বুজিব, আচলতে সেইজন কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী নহয়৷ এয়া প্ৰকৃততে ‘ফিফটি শেডছ অব গ্রে’ ছিৰিজৰ এটি দৃশ্যহে।
হলিউড অভিনেতা জেমি ডর্ননকেই ভুল কৰি সকলোৱে ৰাহুল গান্ধী বুলি ভাবিছে! ছবিখনত যাৰ কোলাত আছে অভিনেত্রী ডাকোটা জনছন। এই ছবিখন ভাইৰেল হোৱাৰ লগে লগেই নেট জগতত তুমুল চর্চা আৰম্ভ হৈ যায়। বহুতে লিখে, ডাকোটা জনছনেই ৰাহুলৰ গার্লফ্রেণ্ড নেকি? আকৌ একাধিক নেটিজেনৰ প্রশ্ন, ডাকোটা জনছনৰ সৈতে তেওঁৰ সাক্ষাৎ কেনেদৰে হ’ল? এনেদৰেই এতিয়া চলিছে ৰাহুল গান্ধীৰ ‘অজানা’ প্ৰেমৰ গৰম চর্চা। অৱশ্যে এই চৰ্চা ৰাহুল গান্ধীৰ কাণত পৰিছেনে নাই সেইটো জানিব পৰা হোৱা নাই।
উল্লেখ্য, মডেল হিচাবে কেৰিয়াৰ আৰম্ভ কৰিছিল নৰ্দান আইৰিছৰ অভিনেতা জেমিয়ে। ২০০৬ চনত অভিনয় জীৱনত খোজ পেলায়। কিন্তু পৰিচিতি লাভ কৰে ‘দ্য ফল’ টিভি ধাৰাবাহিকৰ মাধ্যমেৰে। একাধিক পুৰস্কাৰো লাভ কৰিছে। ‘দ্য ফিফটি শেডছ অব গ্রে’ত অভিনয় কৰি আৰু জনপ্রিয় হৈ উঠিছে জেমি। আৰু সম্প্রতি ভাইৰেল হোৱা ছবিখন যে ৰাহুলৰ নহয়, সেয়া জানিব পাৰি স্বস্তিৰ নিঃশ্বাস পেলাইছে ৰাহুল ভক্ত যুৱতী সমাজে৷