![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্ড সীমান্তত এতিয়া অস্ত্ৰৰ জনজননি ৷ পুণৰ ৰক্তাক্ত হ’ল কাৰবি ভূমি ৷ কালি নিশা সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ গুলীত নিহত হ’ল এজন লোক ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ধনশিৰি দাউজিফাংৰ সঞ্জয় ৰংহাঙৰ ঘৰত ৫-৬ জনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দল এটাই অনাধিকাৰ প্ৰৱেশ কৰি সঞ্জয় ৰংহাঙক ঘৰৰ পৰা বাহিৰলৈ মাতিলৈ জপনামুখতে গুলীয়াই হত্যা কৰে।
ঘটনাৰ সম্ভেদ লাভ কৰি জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ৷ ইয়াৰ পিছত আৰক্ষীৰ অভিযানত ধনশিৰীৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ উগ্ৰপন্থীৰে হয় ভয়ঙ্কৰ এম্বুশ ৷ এম্বুশ্ব কালতেই সীমান্তৰ দুটাকৈ স্থানত আৰক্ষী আৰু উগ্ৰপন্থী দলটোৰে মাজত সংঘটিত হয় সংঘৰ্ষ ৷ ধনশিৰী নদী পাৰ হৈ নাগালেণ্ডত সোমাব ধৰা অৱস্থাত সংঘটিত হয় এই সংঘৰ্ষ ৷ সংঘৰ্ষত এজন উগ্ৰপন্থী আহত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
কিন্তু কি কাৰণত সঞ্জয় ৰংহাঙক হত্যা কৰা হ’ল সেই সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য ৷ সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে DNLAৰ বিৰুদ্ধে অভিযান ৷ যোৱা ১৫ মে’ত অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি পথত এজন যুৱকক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পিছতে পুণৰ আন এজন লোক উগ্ৰপন্থীৰ গুলীত নিহত হোৱা কাৰ্যই অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰিছে৷












