![]()
নিউজ ডেস্কঃ
বিশেষজ্ঞসকলে বাৰম্বাৰ কৈছে, কৰোনাৰ দ্বিতীয় ঢৌত বেছি আক্রান্ত যুৱকসকলেই। বিগত বছৰৰ তুলনাত এইবাৰ যুৱ প্ৰজন্মৰ মাজত মৃত্যুৰ হাৰো বেছি। সেই কথা আৰু এবাৰ প্রমাণ কৰিলে কর্নাটকই। যোৱা দুটা মাহত কর্নাটকত কৰোনাত যিমানজনৰ মৃত্যু হৈছে, তেওঁলোকৰ ভিতৰত ৫৬ শতাংশৰেই বয়স ২০ৰ পৰা ৪৯ বছৰ।
ইয়াৰ পৰাই আৰু এবাৰ বুজা গ’ল যে এই দ্বিতীয় ঢৌ কিমান মাৰাত্মক। কিমান নির্মম। দেশত বহু পৰিয়ালে তেওঁলোকৰ একমাত্র উপাৰ্জনকাৰীক হেৰুৱাইছে। পেটৰ ভাত যোগাৰৰ ক্ষমতাও আৰু তেওঁলোকৰ নাই।
চিকিৎসকসকলে কয়, বিগত বছৰত খুব কম সংখ্যক সুস্থ যুৱকেহে কৰোনাত প্রাণ হেৰুৱাইছে। যিসকলৰ মৃত্যু হৈছিল, বেছিভাগেই আছিল কো–মর্বিড, নহ’লে বয়স্ক।
উল্লেখ্য, বৰ্তমানলৈকে কর্নাটকত ২০ৰ পৰা ৪৯ বছৰ বয়সীয়া ৪ হাজাৰ ৪৩২ জন কৰোনা ৰোগীৰ মৃত্যু হৈছে। ১৭ মার্চৰ পৰা ১৭ মে’ পর্যন্ত এই বয়সৰ ২ হাজাৰ ৪৬৫ জন কৰোনা ৰোগীৰ মৃত্যু হৈছে। হস্পিটেল কর্তৃপক্ষই জনাইছে, এওঁলোকৰ ভিতৰত বেছিভাগেই পৰিয়ালৰ একমাত্র উপাৰ্জনকাৰী।
এই পর্যন্ত দেশত ২০-২৯ বছৰ বয়সীয়া কোভিড আক্রান্তৰ সংখ্যা ৪ লক্ষ ৮০ হাজাৰ। ৩০-৩৯ বছৰ বয়সীয়া ৫.১ লক্ষ জন আক্রান্ত হৈছে। ৪০-৪৯ বছৰ বয়সীয়া আক্রান্তৰ সংখ্যা ৪ লাখ।











