![]()
নিউজ ডেস্কঃ
দেশত কৰোনা সংক্রমণ কিছু কমিছে যদিও পৰিস্থিতি খুব এটা ভাল নহয়। মৃত্যুৰ হাৰ কিন্তু বাঢ়িয়ে আছে। চাৰি দিন পিছত মৃত্যুৰ সংখ্যা বিগত ২৪ ঘণ্টাত ৪ হাজাৰৰ তললৈ নামিছে যদিও চিকিৎসকসকল নিশ্চিন্ত হ’ব পৰা নাই। কেইবাখনো ৰাজ্য এতিয়াও চিন্তাৰ ভিতৰত। লেকামহীন সংক্রমণ হোৱা ১১খন ৰাজ্যৰ জিলা উপায়ুক্তসকলৰ সৈতে আজি ভার্চুৱেল বৈঠকত বহে প্ৰধানমন্ত্ৰী মোদী।
বৈঠকত টীকা নষ্ট বন্ধ কৰাৰ বাবে কঠোৰ সকীয়নি প্ৰদানে কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয়, ‘দেশত টীকা নষ্টৰ সমস্যা আছে। যেতিয়া আপোনালোকৰ হাতত টীকা তুলি দিয়া হ’ব, আপোনালোকে নিশ্চিত কৰিব লাগিব যাতে এটি পালিও নষ্ট নহয়। চহৰ আৰু গাঁও উভয় স্থানতেই আপোনালোকা নজৰ ৰাখিব লাগিব। টীকা নষ্ট কৰা বন্ধ কৰাটো গুৰুত্বপূর্ণ আৰু আপোনালোক সকলোৱে নিশ্চিত কৰিব লাগিব যে সেয়া যেন বন্ধ হয়।’
আজি প্রধানমন্ত্রীৰ সৈতে ভার্চুৱেল বৈঠকত উপস্থিত আছিল মহাৰাষ্ট্র, কেৰালা, উত্তৰ প্রদেশ, হাৰিয়ানা, পশ্চিমবঙ্গ, ছত্তিশগড়, ওড়িশা, ৰাজস্থান, অন্ধ্রপ্রদেশ আৰু কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰিৰ উপায়ুক্তসকল। ইয়াৰ ভিতৰত মহাৰাষ্ট্র, কেৰালা আৰু উত্তৰ প্রদেশত সংক্রমণ অতি বেছি। উক্ত তিনিখন ৰাজ্যৰ উপায়ুক্তসকলৰ পৰা কোভিড আক্রান্তৰ জিলাভিত্তিক পৰিসংখ্যা বিচাৰে প্ৰধানমন্ত্ৰীয়ে।
প্রধানমন্ত্রীয়ে লগতে কয়, মহামাৰীৰ কাৰণে উপায়ুক্তসকলৰ কাম আৰু ‘প্ৰত্যাহ্বানমূলক’ হৈ গৈছে। তেওঁ বাৰম্বাৰ সতর্ক কৰি দিয়ে যে উপায়ুক্তসকলে যেন এই সংক্রমণক কোনো কাৰণতেই হেয় নকৰে। কৰোনা ৰুধিবলৈ নতুন নতুন কৌশল, সমাধান সূত্ৰও তেওঁলোকক উলিয়াবলৈ কয় প্ৰধানমন্ত্ৰীয়ে। ‘স্থানীয় অভিজ্ঞতাক কামত লগোৱা প্ৰয়োজন। সমগ্ৰ দেশে একেলগে কাম কৰিব লাগিব৷’ মোদীৰ বাৰ্তা।











