![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বুধবাৰে সন্ধিয়া কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ধনশিৰিৰ দাউজিফাঙত সঞ্জয় ৰংফাৰ নামৰ এজন লোকক দুষ্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ৷ আজি ডিফুৰ ৰংখেলানস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত এক যৌথ সংবাদ মেলৰ আয়োজন কৰি কেএছএ, কেএফএ আৰু কেএছৱাইচিৰ শীৰ্ষ নেতৃবৰ্গই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দয়ে ৷ সংবাদমেলত কেএছএৰ সভাপতি থানচিং তিমুঙে আৰু কেএফএৰ সভাপতি টিংকু ইংতি কাথাৰে কয় যে, ধনশিৰি ঘটনা অতি নিন্দনীয় ৷
বহুবছৰ ধৰি কাৰবি আংলঙত এটা শান্তিময় পৰিৱেশ বিৰাজ কৰি থকাৰ পিছত যোৱা কিছুদিন ধৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ধনশিৰিত সন্দেহযুক্ত উগ্ৰপন্থীয়ে মানুহ হত্যা কৰি অশান্তিৰ পৰিৱেশ ৰচনা কৰিব বিচাৰিছে ৷ সঞ্জয় ৰংফাৰে ডিমাচা আৰু কাৰবি সম্প্ৰদায় উভয়ৰে প্ৰতিনিধিত্ব কৰি আহিছিল ৷ তেনে পৰিপ্ৰেক্ষিতত সঞ্জয় ৰংফাৰক গুলীয়াই হত্যা কৰা কাণ্ডই সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ আশংকা হ’ব পাৰে ৷
সেয়ে জিলা আৰক্ষী প্ৰশাসনক শীঘ্ৰে ঘটনাত জড়িত উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলক কৰায়ত্ত কৰি উচিত আইনৰ ধাৰাত দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনায় ৷ ইয়াৰোপৰি ঘটনাত জড়িত উগ্ৰপন্থী সংগঠনটো অস্থিত্ব নোহোৱা কৰিবলৈ দাবী জনায় ৷












