![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শেহতীয়াকৈ ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ বিপৰীতে ক’ৰ’না আক্ৰান্ত ৰোগীৰ বাবে অপৰিহাৰ্য হিচাপে পৰিগণিত হোৱা পৰ্যাপ্ত অক্সিজেনৰ অভাৱে কেইবাখনো ৰাজ্যত ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে আজি পুৱাৰ ভাগত ডিফু চিকিৎসা মহাবিদ্যালয় চৌহদত এক অক্সিজেন গেছ উৎপাদন কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়।
কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি পুৱা পতাকা উত্তোলন কৰি প্ৰকল্পটো মুকলি কৰে। ইয়াৰ লগতে বিশ হাজাৰ কিঃলিঃ তৰল অক্সিজেন মজুত কৰি ৰাখিব পৰা ভঁৰালৰো শুভ উদ্বোধন কৰে ।

প্ৰকল্পটো শুভ উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আজি ডিফু চিকিৎসা মহাবিদ্যালয় চৌহদত মুকলি কৰা অক্সিজেন উৎপাদন প্ৰকল্পৰ জৰিয়তে ক’ৰ’না মহামাৰীৰ সময়ছোৱাত গুৰুতৰভাৱে আক্ৰান্ত লোকসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ।
অনুষ্ঠানটোত সাংসদ হৰেনছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ সুমিত্ৰা হাগজেৰ আদি উপস্থিত থাকে।












