![]()
নিউজ ডেস্কঃ
একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি কেৰালাৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে পিনাৰাই বিজয়নে। ফলত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে কেৰালাত চৰকাৰ গঠন কৰিলে চিপিএম নেতৃত্বাধীন বাঁও গণতান্ত্ৰিক মৰ্চা। উল্লেখ্য যে কেৰালাত ইয়াৰ পূৰ্বে কোনো ৰাজনোতিক দলেই একেৰাহে দুবাৰ চৰকাৰ গঠন কৰিব পৰা নাছিল। সেইফালৰ পৰা বাঁও গণতান্ত্ৰিক মৰ্চাই কেৰালাৰ ৰাজনীতিত এক নতুন ৰেকৰ্ড সৃষ্টি কৰে।
আজি কৰোনা বিধি মানি ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত বাক্য পাঠ কৰোৱায় মুখ্যমন্ত্ৰী বিজয়ন আৰু মন্ত্ৰীসভাৰ সদস্যসকলক। কেৰালাৰ মুখ্যমন্ত্ৰী হিচাবে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণৰ পিছত বিজয়নক টুইটাযোগে শুভেচ্ছা জনায় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে৷ চুবুৰীয়া ৰাজ্য তামিলনাডুৰ মুখ্যমন্ত্রী এমকে ষ্টেলিনেও বিজয়নক শুভেচ্ছা জনায়।
আজি শপত গ্ৰহণ কৰা বিজয়নৰ মন্ত্রীসভাৰ সদস্য সংখ্যা হৈছে ২০। ইয়াৰে ১২ জন চিপিএম আৰু ৪ জন চিপিআইৰ। উল্লেখযোগ্য কথাটো হৈছে, বিজয়নৰ পূৰ্বৰ চৰকাৰৰ কোনো এজন মন্ত্ৰীকে এইবাৰ মন্ত্রিত্ব দিয়া হোৱা নাই। এইবাৰৰ মন্ত্রিসভাৰ ৭৫ শতাংশই প্রথমবাৰৰ বাবে মন্ত্রিত্ব লাভ কৰাৰ বিপৰীতে আকৌ ১০ জন প্রথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে। বিজয়ন মন্ত্ৰীসভাত এইবাৰ ৩ গৰাকী মহিলা সদস্য।











