![]()
নিউজ ডেস্কঃ
১১ দিন পিছত যুদ্ধবিৰতি ঘোষণা কৰিলে ইজৰাইল আৰু গাজা নিয়ন্ত্রণকাৰী হামাছে। শুক্রবাৰৰ পৰা কার্যকৰী হৈছে যুদ্ধবিৰতি চুক্তি। ফলত প্রায় দুসপ্তাহ ধৰি চলা গাজা ভূখণ্ডত অশান্তিৰ অন্ত পৰিছে। ইজৰাইলৰ মন্ত্রীসভাৰ নিৰাপত্তা বিষয়ক বৈঠকত যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছে বুলি দাবী দেশখনৰ সংবাদ মাধ্যমবোৰৰ। কিন্তু হামাছৰ এজন নেতাই যুদ্ধবিৰতি কার্যকৰী হোৱাৰ পিছত যুদ্ধ জয়ৰ কথা ঘোষণা কৰে। যুদ্ধবিৰতিক নিজৰ বিজয় বুলি দাবী কৰিছে হামাছৰ নেতাজনে। শুক্রবাৰে গাজা চিটিত হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত তেওঁ দাবী কৰে, ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত তেওঁলোক জয়ী হৈছে।
গাজা উপত্যকাত ইছলামপন্থী আন্দোলনৰ দ্বিতীয় সর্বোচ্চ নেতা খলিল আল–হাইয়াই কয়, ‘এয়া বিজয় উচ্ছ্বাস।’ ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হোৱা ঘৰবোৰ পুনৰায় নিৰ্মাণ কৰি দিয়াৰ প্রতিশ্রুতিও দিছে তেওঁ। আনহাতে, ইজৰাইল আৰু গাজাৰ মাজত শান্তি স্থাপনত ডাঙৰ ভূমিকা লৈছে মিছৰে। গাজাৰ দ্বিতীয় শক্তিধৰ ইছলামপন্থী সশস্ত্র সংগঠনো আগুৱাই আহে। বৃহস্পতিবাৰে সন্ধিয়া সকলো পক্ষ একমত হয়। কালি ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ দপ্তৰে জনায় যে বিনাচর্তে যুদ্ধবিৰতিৰ পক্ষত মত দিছে প্রতিৰক্ষা কেবিনেটে। অৱশ্যে যুদ্ধবিৰতি ঘোষণাৰ পিছতো গাজাৰ পৰা ইজৰাইলৰ উদ্দেশ্যে ৰকেট নিক্ষেপ কৰা বুলি খবৰ ওলাইছে। ফলত এই চুক্তি আচলতে টিকবনে নাই, তাৰ লৈ যথেষ্ট সন্দেহ আছে।
উল্লেখ্য, প্রায় ২০ লাখ মানুহৰ বাসস্থান গাজা চহৰ এই সংঘৰ্ষত চৰম ক্ষতিৰ সন্মুখীন হৈছে। প্রায় ৫০০টা অট্টালিকা বিমান আক্ৰমণত ভাঙি চূড়মাৰ হৈছে। মঙ্গলবাৰৰ পৰা সাহায্য লৈ অহা ট্রাক গাজাত প্ৰৱেশ কৰিব দিয়া নাই ইজৰাইলৰ সেনাবাহিনীয়ে। এই পর্যন্ত সংঘর্ষত পেলেষ্টাইনৰ ২৩২ জন নাগৰিকৰ মৃত্যু হৈছে। আহত হৈছে প্রায় ২০০০। ইজৰাইলক লক্ষ্য কৰি অতিকমেও ৪ হাজাৰ ৰকেট নিক্ষেপ কৰিছে হামাছে। ইয়াৰ ফলত মৃত্যু হৈছে ইহুদী দেশখনৰ প্ৰায় ১২ জন নাগৰিকৰ।











