![]()
নিউজ ডেস্কঃ
লকডাউন হ’লে কি হ’ল, জন্মদিনৰ কথা। পাৰ্টী আৰু নকৰিবনে! সেয়ে ঘৰৰ ছাদত উঠি খুব ধুমধামেৰে উদযাপন কৰে জন্মদিন। লগতে আকৌ হাতত। বন্দুক ডাঙি প’জ দি ফটোও তুলিলে এদল যুৱকে, লগতে নাচ-গান। তাৰ মাজত লকডাউন বিধি যেন ক’ৰবাত পলাল। ঘটনাটো মধ্যপ্রদেশৰ ভিণ্ডৰ।
তাতেই শেষ নহয় কাহিনী। ঘৰৰ সন্মুখত প্ৰায় ৪০০ লোকৰ সমাবেশ। সকলোৱে মিলি এইবাৰ আকৌ জয়ধ্বনি দিলে এটা ডকাইতৰ নামত। নাম তাৰ ৰামবাবু গাদাৰিয়া। ২০০৭ চনত আৰক্ষীৰ গুলীত নিহত হৈছিল ডকাইতটো। সেই ডকাইতটোৰে গুণগান উঠিল তাত। ভিডিও হ’ল ভাইৰেল। সেয়া চালে এবাৰলৈও মনলৈ নাহিব যে এইখন দেশত কৰোনাত এতিয়া দৈনিক হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছে।
ভিডিও ভাইৰেল হোৱাৰ লগে লগেই যেন তৎ নাইকিয়া হৈ পৰিছে আৰক্ষীৰ। আৰক্ষী বিষয়া কমলেশ কুমাৰে কয়, ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰা হৈছে। তদন্ত চলিছে। দোষীক শীঘ্ৰে শাস্তি দিয়া হ’ব। জন্মদিনত আকৌ গোৱালিয়ৰৰ পৰা এজন বিশেষ অতিথিও আহিছিল। তেওঁৰ নামতো দাখিল হৈছে এফআইআৰ।











