![]()
নিউজ ডেস্কঃ
কৰোনা সংক্রমণৰ পৰা কেতিয়া যে মুক্তি পাম তাৰ উত্তৰ এতিয়াও নাই। কিন্তু এই অতিমাৰীৰ পৰা বাচিবলৈ ইতিমধ্যে ‘কৰোনা দেৱী’ৰ মন্দিৰ নিৰ্মাণ হৈ গ’ল তামিলনাডুত। এখন গাঁৱত ৰীতিমতে মূর্তি বহাই আৰম্ভ হৈছে কৰোনা দেৱীৰ পূজা।
কোয়েম্বাটুৰৰ পৰা কিছু দূৰৈত কামাতচিপুৰম গাঁৱত নিৰ্মাণ হৈছে মন্দিৰটো। জানিব পৰা মতে তাত পূজা চলিব ৪৮ ঘণ্টা। পূজাৰ শেষত হ’ব বিশেষ আৰাধনা। এই কথা জনাইছে মন্দিৰ কর্তৃপক্ষই। মন্দিৰত অধিষ্ঠাত্রী কৰোনা দেৱীৰ মূর্তিটো গ্ৰেনাইট শিলৰ দ্বাৰা নিৰ্মিত। ডেৰ ফুটৰ প্রতিমাৰ পিন্ধনত টকটকীয়া ৰঙা ৰঙৰ শাড়ী। এহাতেৰে ধৰি আছে ত্রিশূল।
ইয়াৰ মাজতে প্রশ্ন উত্থাপন হৈছে, সর্বত্রে কোভিড কঠোৰ বিধি। তাৰ মাজতে এই পূজাৰ আয়োজনলৈ ভক্তসকলক অহাৰ অনুমতি দিয়া হৈছেনে? দেৱী পূজাৰ দায়িত্বত থকা ব্যক্তিজনৰ মতে, কেৱল পুৰোহিতসকল আৰু মন্দিৰৰ দায়িত্বপ্রাপ্তসকলৰ বাহিৰে সম্প্ৰতি আৰু কাৰো প্রৱেশাধিকাৰ নাই। কিন্তু দূৰৈৰ পৰা প্রণাম কৰি যাব পাৰিব সকলোৱেই। মন্দিৰৰ ভিতৰত যিসকল থাকিব, তেওঁলোকৰ ক্ষেত্রতো সামাজিক দূৰত্ব আৰু অন্যান্য কোভিড বিধি অত্যন্ত কঠোৰভাবে পালন কৰা হৈছে বুলিও তেওঁলোকৰ দাবী।
উল্লেখ্য, যোৱা বছৰ জুনত কেৰালাতো এনে ধৰণৰ কৰোনা দেৱীৰ পূজা কৰা হৈছিল। এইবাৰ একেই ছবি দেখা গ’ল তামিলনাডুতো।











