![]()
নিউজ ডেস্কঃ
গণতন্ত্র দিৱসত লালকিল্লা আক্ৰমণৰ ঘটনাৰ দিল্লী আৰক্ষীয়ে চার্জশ্বিট জমা দিলে। পঞ্জাবৰ অভিনেতা তথা সমাজকর্মী দীপ সিধুসহ ১৬ জনৰ নাম আছে চার্জশ্বিটত। ‘পৰিকল্পিত’ আক্ৰমণৰ অভিযোগ অনা হৈছে ১৬ জনৰ বিৰুদ্ধে।
দীর্ঘদিন ধৰি কেন্দ্রৰ নতুন তিনিখন কৃষি আইনৰ প্রতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে কৃষকসকলে। চলিত বছৰৰ ২৬ জানুৱাৰীত লালকিল্লা অভিযানৰ কাৰ্যসূচী লৈছিল প্ৰতিবাদকাৰী কৃষকসকলে। আৰক্ষীৰ সৈতে কৃষক নেতাসকলৰ আলোচনাত থিৰাং হয়, শান্তিপূর্ণ হ’ব ট্রেক্টৰ সমদল। তিনিটা দিশৰ পৰা অহাৰ কথা আছিল ট্রেক্টৰ সমদল। দিল্লী আৰক্ষীৰ মতে, উক্ত চুক্তি অমান্য কৰে দীপ সিধু, ইকবাল সিংহঁতে। সেয়ে চার্জশ্বিটত ‘পৰিকল্পিত’ আক্ৰমণৰ কথা কৈছে দিল্লী আৰক্ষীয়ে।
উল্লেখ্য, ২৬ জানুৱাৰীত তাণ্ডবৰ সৃষ্টি হৈছিল লালকিল্লাত। প্ৰায় ৩০–৪০খন ট্রেক্টৰ, ১৫০ মটৰবাইক লৈ প্রায় ১০০০ জন আন্দোলনকাৰী প্ৰৱেশ কৰিছিল লালকিল্লাত। আৰক্ষীক নিৰ্যাতন, মাৰধৰৰ অভিযোগ উঠে। ধ্বংসলীলা, সাধাৰণ মানুহক শৌচালয়ত আবদ্ধ কৰি ৰখাৰ অভিযোগ উঠে বিক্ষোভকাৰীসকলৰ বিৰুদ্ধে। উক্ত ঘটনাৰ তদন্ত কৰা দিল্লী আৰক্ষীয়ে তিছ হাজাৰি কোর্টত ৩০০০ পৃষ্ঠাৰ চার্জশ্বিট জমা দিছে। তাত দীপ সিধুৰ উপৰি উল্লেখযোগ্য নাম ইকবাল সিং। যিয়ে ঘটনাৰ দিনা ফেচবুক লাইভ কৰিছিল। চার্জশ্বিটত ১৬ জনৰ নাম থাকিলেও অৱশ্যে ১৩ জনে ইতিমধ্যে জামিন লাভ কৰিছে। জে’লত আছে যোগৰাজ সিং, খেমপ্রিত সিং আৰু মনিন্দৰ সিং মণি। শেষৰজনৰ বিৰুদ্ধে অভিযোগ, তেওঁ ঘটনাৰ দিনা তৰোৱাল লৈ লালকিল্লাত প্ৰৱেশ কৰিছিল। আৰক্ষীৰ বেৰিকেড ভাঙি যে বিক্ষোভকাৰীসকলে লালকিল্লাত প্রবেশ কৰিছিল, সেই কথাও উল্লেখ আছে চার্জশ্বিটত।











