![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্জ সীমান্তৱৰ্তী অঞ্চল কাৰবি আংলঙ জিলাৰ ধনশিৰিত এগৰাকী পুৰুহিত হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত এজন লিংকমেনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱাকালি কাৰবি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱাল, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰু খটখটী থানাৰ অ’চি মৌবলিক ব্ৰক্ষ্ম, ধনশিৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকা, বৰপথাৰ থানাৰ উপ-পৰিদৰ্শক নিলোৎপল দলে লগতে বেটেলিয়নৰ কামাণ্ডো দলৰ সহযোগত ধনশিৰিস্থিত হাফজান অঞ্চলৰ পৰা এজন লিংকমেন আটক কৰে ৷
আটকাধীন লিংকমেন জন ধনশিৰি শিৱ নগৰ নিৱাসী বিৰে থাউছেনৰ পুত্ৰ নৱজিত থাউচেন (৩২) বুলি জানিব পৰা গৈছে ৷
ইয়াৰে নৱজিত থাউছেন ডিএনএলএ ধনশিৰি এৰিয়াৰ কামাণ্ডাৰ প্ৰেম থাউচেন ওৰফে ৰিংচা ওৰফে তামিলৰ ভাতৃ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আটক লিংকমেনজন ডিএনএলএ উগ্ৰপন্থী সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰে বুলি আৰক্ষীয়ে জনাইছে ৷ অধিক তথ্যৰ বাবে দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জনাইছে ৷













