![]()
নিউজ ডেস্কঃ
কোভিডৰ দ্বিতীয় ঢৌ ৰুধিবলৈ লকডাউন, আংশিক কাৰ্ফিউ জাৰি হৈছে বিভিন্ন ৰাজ্যত। যান-বাহন চলাচলো তেনেই সীমিত। মানুহৰ গতি-বিধিতো নিষেধাজ্ঞা। তাৰ ফলত বহুখিনি কমিছে প্ৰদূষণ। ঠিক যেন যোৱা বছৰৰ লকডাউনৰ দৰেই। সেয়ে এইবাৰ উত্তৰ প্রদেশৰ চাহাৰানপুৰৰ পৰাও দেখা গ’ল হিমালয়। এয়া দ্বিতীয় বছৰৰ বাবে হৈছে।
উক্ত ছবি পোষ্ট কৰিছে চহৰখনৰ দুই চিকিৎসক আৰু এজন চৰকাৰী কর্মচাৰীয়ে। পোষ্টকেইটা বৰ্তমান ভাইৰেল হৈ পৰিছে। যাক চাই তবধ মানিছে এতিয়া সমগ্ৰ দেশে। ফটফটীয়া নীলা আকাশ। গছ–গছনিৰ মাজেৰে মূৰ তুলি থিয় হৈ আছে গিৰিৰাজ। দূৰত্ব কিন্তু একেবাৰে কম নহয়। ১৫০ কিলোমিটাৰৰো বেছি। তথাপি দৃশ্যমান হিমালয়।
ঘূর্ণী বতাহ টোকটেই প্ৰভাৱ পৰিছে গুজৰাট উপকূলত। তাৰ ফলত সমগ্ৰ উত্তৰ ভাৰততে হৈছে বৰষুণ। দিল্লী, উত্তৰ প্রদেশত একেৰাহে দুদিন ধৰি চলিছে বৃষ্টিপাত। উক্ত বৃষ্টিপাতৰ শেষত আকাশ পৰিষ্কাৰ হোৱাৰ পিছতেই চাহাৰানপুৰবাসীৰ চকুত পৰে এই দৃশ্য।











