![]()
নিউজ ডেস্কঃ
প্রথম পালি লোৱাৰ তিনি মাহ পিছত দ্বিতীয় পালি কোভিড টীকা ল’লে ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে। তেনে ক্ষেত্রত শৰীৰত ৰোগ প্রতিৰোধী এন্টিবডি ২০-৩০০ শতাংশ বাঢ়ি যায়। আমেৰিকাৰ ব্যক্তিগত গৱেষণা প্রতিষ্ঠান কোল্ড স্প্রিং হাৰ্বাৰ লেবৰটৰী আৰু ইয়েল বিশ্ববিদ্যালয়ে এই গৱেষণা কৰিছে। গৱেষণা-পত্রখন অৱশ্যে এতিয়াও ‘পিয়াৰ ৰিভিউ’ৰ পর্যায়ত আছে।
মায়ো ক্লিনিকৰ টীকা লৈ গৱেষণাৰত দলটোৰ ভাইৰোলজিষ্ট আৰু সঞ্চালক গ্রেগৰি পোলেণ্ডে কয়, ‘আমি যদি পাৰিলোহেঁতেন তেতিয়াহ’লে আমি এই মুহূর্তত দ্বিতীয় টীকা লোৱাটো বন্ধ কৰিলোহেঁতেন। আমি যিমান বেছি সম্ভৱ মানুহক এটিকৈ টীকা আগতে দিব লাগে। পিছত দ্বিতীয় টীকা লাভ কৰিব।’
উল্লেখ্য, ২০২০ চনৰ শেষত কোভিডৰ টীকা বজাৰলৈ আহে। তেতিয়া দুটি টীকাৰ মাজত ব্যৱধান কিমান ৰাখিব লাগিব, তাক লৈ কোনোৱে খুব এটা মূৰ ঘমোৱা নাছিল। ব্র্রিটেনেই সর্বপ্রথম দুটি টীকা লোৱাৰ ব্যৱধান বৃদ্ধি কৰিছিল। এই পদক্ষেপক লৈ প্রথমতে সমালোচনাও হৈছিল। কিন্তু এতিয়া তাৰ কার্যকাৰিতা প্রমাণিত হৈছে।











