![]()
নিউজ ডেস্কঃ
স্পুটনিক ফাইভৰ দুটা ডোজসহ ২৪ দিনত গোটেই ৰাছিয়া ফুৰাৰ সুযোগ। সেয়াও এইবাৰ মাত্র ১.২৯ লাখ টকাত। এই পেকেজৰ বিজ্ঞাপন সন্মুখলৈ আহিলতেই হৈ-চৈ লাগিছে সামাজিক মাধ্যমত। ৰাছিয়া যাবলৈ ব্যগ্ৰ হৈ পৰিছে এই দেশৰ ধনীসকল। এক কথাত এক গুলীত দুই চিকাৰ। ভাৰতৰপৰা ফোনৰ উপৰি ফোন গ’ল উৰাজাহাজ সংস্থাটোলৈ। শুক্রবাৰে সমগ্ৰ বিষয়টো স্পষ্ট কৰিলে তেওঁলোকে।
জানিবলৈ পোৱা গৈছে, ডুবাইৰ এক উৰাজাহাজ সংস্থাৰ উক্ত বিজ্ঞাপন সামাজিক মাধ্যমত লিকড্ হৈ যায়। আৰু ইয়াৰ পিছতে কেতিয়া, ক’ত, কেনেকৈ জানিবলৈ বিচাৰি ভাৰতৰপৰা আগ্রহী পর্যটকসকলৰ এজনৰ পিছত এজনৰ ফোন আহিয়েই থাকিল সংস্থাৰ কাষলৈ। সংস্থাৰ চিইঅ’ অঙ্কিত জৈনে জনালে, এই ধৰণৰ কোনো পেকেজ বৰ্তমানলৈকে মুকলি কৰা হোৱা নাই। উৰাজাহাজ সংস্থাক আমি মাত্র দিল্লী-মস্কো এই পেকেজ সম্পর্কে জনাইছিলোহে। কিন্তু আমাৰ মার্কেটিং টিমৰ পক্ষৰপৰা এইটো বাহিৰলৈ লিকড্ হৈ যায়। ফোন আহিয়েই আছে।’
স্পুটনিক ফাইভৰ দুটা ডোজ লোৱাৰ মাজৰ ২০ দিন ফুৰিব আৰু চাব পাৰিব ৰাছিয়া। সেই খৰচৰ ভিতৰতে ধৰা আছে মস্কো-দিল্লী আৰু দিল্লী-মস্কোৰ বিমান ভাৰা, ছেইন্ট পিটার্ছবার্গত তিনি তাৰকা হোটেলত ৪ দিনৰ থকা, মস্কোৰ তিনি তাৰকা হোটেলত ২০ দিনৰ থকা, মস্কোৰপৰা ছেইণ্ট পিটার্ছবার্গ যোৱা-অহা আৰু ইয়াৰ লগতে ২৪ দিনৰ ব্রেকফাষ্ট আৰু ডিনাৰৰ বন্দোবস্ত। কেৱল ভিছাৰ বাবে যি ১০ হাজাৰ টকা লাগিব সেইটো পেকেজৰ অন্তর্ভুক্ত নহয়। ইয়াৰোপৰি ভেক্চিনৰ প্ৰমাণপত্ৰও দিয়া হ’ব বুলি জনোৱা হৈছে।
সংস্থাৰ ভাৰতৰ ডিৰেক্টৰ সুজিত সিঙে জনাইছে, ‘ভেক্চিন টুৰিজিমৰ এই পেকেজ ইতিমধ্যে ডুবাইত বিক্ৰী হৈছে যথেষ্ট। কিন্তু ভাৰতৰ ক্ষেত্রত আমি এতিয়াও প্রস্তুতি পর্যায়তে আছো। কি দৰে পর্যটকসকলক ভেক্চিন দিয়া হ’ব সেই বিষয়ে ৰাছিয়াৰ চৰকাৰৰপৰা আমি এতিয়ালৈকে সম্মতি পোৱা নাই। যিসকল যাবলৈ ইচ্ছুক বুলি ফোনো কৰিছে তেওঁলোকৰপৰা কোনো ধৰণৰ টকা লোৱা হোৱা নাই।’











