![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ১৯ মে’ত অসম-নাগালেণ্ড সীমান্তঞ্চলৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ গুলীত নিহত হোৱা সঞ্জয় ৰংহাঙ ওৰফে ডিফুছাৰ হত্যাকাণ্ডক তীব্ৰ ভাষাত গৰিহণা দিছে ডিমাছা ষ্টুডেণট ইউনিয়ন চমুকৈ ডিএছইউয়ে ৷ ডিএছইউৰ সভাপতি ধিৰাজ ডিফুছা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত ধিৰাজ ডিফুছাই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাত নিন্দা কৰাৰ লগতে অঞ্চলটোত শান্তি, সম্প্ৰিতী বজাই ৰাখিবলৈ অতি শীঘ্ৰে ঘটনাৰ ন্যায়িক তদন্ত কৰিবলৈ দাবী জনায় ৷ লগতে ঘটনাত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অঞ্চলটোত শান্তি স্থাপন কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনায় ৷
ইয়াৰোপৰি জিলাখনৰ সচেতন নাগৰিক, সমাজকৰ্মী, ছাত্ৰ সংগঠন আৰু মহিলা সংগঠনসমূহক অঞ্চলটোত সক্ৰিয় হৈ থকা ডিএনএলএ উগ্ৰপন্থী সমস্যাৰ সমাধানৰ বাবে এক শান্তিপূৰ্ণ আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাবলৈ অনুৰোধ জনায় ৷
আনহাতে সহস্ৰ উগ্ৰপন্থী সংগঠন ডিএনএলএক শান্তিপূৰ্ণভাবে আলোচনাৰ মেজলৈ আনিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক উদ্যোগ গ্ৰহণ কৰি অঞ্চলটোত চিৰশান্তি স্থাপন কৰিবলৈ আহ্বান জনায় ডিএছইউৰ সভাপতিগৰাকীয়ে ৷













