![]()
নিউজ ডেস্কঃ
মোদী যুগত বাংলাদেশেও চেৰ পেলাই গ’ল ভাৰতক। বাংলাদেশীসকলৰ জনমূৰি আয় এতিয়া ভাৰতীয়সকলতকৈ বেছি। এটি পৰিসংখ্যাত দেখা গৈছে, ২০২০–২১ বিত্তীয় বৰ্ষত বাংলাদেশীসকলৰ জনমূৰি আয় ২,২২৭ মার্কিন ডলাৰ। যিটো যোৱাবাৰৰ তুলনাত ৯ শতাংশ বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষত বাংলাদেশীসকলৰ জনমূৰি আয় আছিল ২,০৬৪ মার্কিন ডলাৰ। য’ত ২০২০–২১ বিত্তীয় বৰ্ষত ভাৰতীয়সকলৰ জনমূৰি আয় ১,৯৪৭.৪১৭ মার্কিন ডলাৰ। লকডাউনৰ ফলত অর্থনীতি ভাঙি পৰাৰ বাবেই জনমূৰি আয় কমিছে বুলি সমীক্ষাত কোৱা হৈছে। কিন্তু একে সময়তে বাংলাদেশতো কৰোনাৰ প্রাদুর্ভাবে অর্থনীতিত প্ৰভাৱ পেলাইছিল যদিও দেশখনৰ জনমূৰি আয় কিন্তু বৃদ্ধি পাইছে।

উল্লেখ্য, স্বাধীনতাৰ পিছৰ পৰাই বাংলাদেশ বিশ্বৰ অন্যতম দুখীয়া দেশ হিচাবে গণ্য হৈ আহিছে। কিন্তু উক্ত দুখীয়া দেশখনৰ নাগৰিকসকলৰ জমনূৰি আয়ে এইবাৰ পিছ পেলালে ভাৰতীয়সকলক। বিগত পাঁচ দশক ধৰি দাৰিদ্ৰ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ সৈতে যুঁজি গৈছে বাংলাদেশে। পৰিস্থিতি যে লাহে লাহে সলনি হৈছে সেয়া উক্ত পৰিসংখ্যাই প্রমাণ কৰিছে। বাংলাদেশৰ কেবিনেট সচিব খান্দেকৰ আনৱাৰুল ইছলামে কয়, ‘আমাৰ জনমূৰি আয় বৃদ্ধি পাইছে। এইটো এটা ভাল দিশ।’











