![]()
নিউজ ডেস্কঃ
অৰবিন্দ কেজৰিৱালৰ আবেদনকো আওকাণ কৰি কোভিডৰ বাবে দলে দলে দিল্লী এৰিছে প্ৰব্ৰজিত শ্রমিকসকলে। বিগত ১৯ এপ্রিলত লকডাউন ঘোষণাৰ পিছৰ পৰা ৮ লাখৰো অধিক প্ৰব্ৰজিত শ্রমিকে দেশৰ ৰাজধানী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বুলি দিল্লী পৰিবহণ সংস্থাৰ এটি ৰিপোর্টত জনোৱা হৈছে।
যোৱা ১৯ এপ্রিলত দিল্লীত লকডাউন ঘোষণাৰ পিছতেই প্ৰব্ৰজিত শ্রমিকসকলক আবেদন জনাইছিল মুখ্যমন্ত্রী কেজৰিৱালে। হাতযোৰ কৰি তেওঁ প্ৰব্ৰজিত শ্রমিকসকলক দিল্লী এৰি নাযাবলৈ অনুৰোধ কৰে। তেওঁলোকৰ প্রয়োজনীয় সাহায্যৰ আশ্বাসো দিছিল। কিন্তু ১৯ এপ্রিলৰ পৰা ১৪ মে’ৰ ভিতৰত চৰকাৰী বাছতেই প্ৰায় ৮ লাখ ৭ হাজাৰ ৩২ জন শ্রমিকে দিল্লী এৰিছে বুলি চৰকাৰৰেই ৰিপোর্টত জনোৱা হৈছে।
ৰিপোর্টটোত কোৱা হৈছে, লকডাউনৰ প্রথম সপ্তাহত ৩ লক্ষ ৭৯ হাজাৰ ৬০৪ জন, দ্বিতীয় সপ্তাহত ২ লক্ষ ১২ হাজাৰ ৪৪৮ জন, তৃতীয় সপ্তাহত ১ লক্ষ ২২ হাজাৰ ৪৯০ জন আৰু চতুর্থ সপ্তাহত ৯২ হাজাৰ ৪৯০ জনে চৰকাৰী বাছেৰে দিল্লী এৰিছে।
আনহাতে, চৰকাৰী বাছেৰে দিল্লী এৰি যোৱা শ্রমিকসকলৰ বৃহৎ অংশই উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডৰ বাসিন্দা। দিল্লী পৰিবহণ সংস্থাই জনাইছে যে উক্ত ২ ৰাজ্যৰ চৰকাৰৰ সৈতে সমন্বয় ৰাখিয়েই প্ৰব্ৰজিত শ্রমিকসকলক ঘৰলৈ পঠোৱা হৈছে। তাৰ উপৰি হাৰিয়ানা, ৰাজস্থানৰ দৰে পার্শ্বৱর্তী ৰাজ্যবোৰৰ বাসিন্দাসকল আছে এই তালিকাত। ৰে’লত উঠি দিল্লী পৰা দূৰৱর্তী ৰাজ্যবোৰলৈ যোৱা প্ৰব্ৰজিত শ্রমিকসকলক ধৰিলে সংখ্যাটো বহুখিনি বাঢ়িব বুলি অনুমান কৰা হৈছে।











