![]()
নিউজ ডেস্কঃ
আমপানৰ বর্ষপূর্তিৰ সময়তে এইবাৰ আহিছে ‘য়াশ’। বতৰ বিজ্ঞান কেন্দ্ৰৰ পূর্বাভাস মতে, আজি পূব-মধ্য বঙ্গোপসাগৰত এটি নিম্নচাপ সৃষ্টি হৈছে। দেওবাৰ, ২৩ মে’ৰ পুৱা সি আৰু শক্তি সঞ্চয় কৰিব। সোমবাৰে আৰু অধিক শক্তি সঞ্চয় কৰি সেই নিম্নচাপ উত্তৰ-উত্তৰ-পশ্চিম দিশে অগ্রসৰ হৈ পৰিণত হ’ব ঘূর্ণী বতাহ ‘য়াশ’ত। পৰৱর্তী ২৪ ঘণ্টাৰ ভিতৰত ই আৰু উত্তৰ-উত্তৰ-পশ্চিম দিশে অগ্রসৰ হৈ থাকিব আৰু অধিক তীব্র ঘূর্ণী বতাহত পৰিণত হ’ব।
ইয়াৰ পিছত ২৬ মে’, বুধবাৰে সন্ধ্যা পশ্চিমবঙ্গত তাণ্ডৱৰ সৃষ্টি কৰিব। আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে জনাইছে, এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ ক’ত ক’ত পৰিব সেয়া এতিয়াও অস্পষ্ট। অৱশ্যে পশ্চিমবঙ্গতেই ঘূর্ণী বতাহৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বেছি। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে, ২৬ মে’ৰ সন্ধ্যাৰ ফালে ‘য়াশ’ পশ্চিমবঙ্গ, সংলগ্ন উত্তৰ ওড়িশা আৰু বাংলাদেশ উপকূল অতিক্রম কৰিব।
ইফালে ‘য়াশ’ৰ প্রভাৱত সোমবাৰৰ পৰাই ৰাজ্যত বতৰৰ পৰিৱর্তন লক্ষ্য কৰা যাব। ওড়িশা আৰু পশ্চিমবঙ্গ উপকূলত ৪০-৫০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ পূর্বাভাস মতে, ২৫ তাৰিখৰ পৰা আৰম্ভ হ’ব বৰষুণ। ২৬ তাৰিখৰ পৰা আৰম্ভ হ’ব প্ৰবল বৃষ্টিপাত। ২৫ তাৰিখে ৭০ কিলোমিটাৰ গতিবেগত বলিব পাৰে বতাহ।











