![]()
নিউজ ডেস্কঃ
চিৰামৰ শীৰ্ষ বিষয়া আদৰ পুনাৱালাই কেন্দ্ৰীয় চৰকাৰৰ টীকা নীতিক সমর্থন কৰি বিবৃতি দিয়াৰ দুদিন নহওঁতেই ঠিক ওলোটা সুৰ শুনা গ’ল তেওঁৰ কোম্পানীৰে কাৰ্যবাহী সঞ্চালকৰ কণ্ঠত। চিৰামৰ শীর্ষ বিষয়া সুৰেশ যাদৱে কেন্দ্রৰ টীকা আবণ্টন নীতিৰ কঠোৰ সমালোচনা কৰিছে। তেওঁ কয়, হুৰ নির্দেশ অগ্রাহ্য কৰি আৰু টীকাৰ ষ্টক নেদেখা-নুশুনাকৈয়ে এটাৰ পিছত আন এটা টীকাকৰণ কাৰ্যসূচী ঘোষণা কৰা হৈছে। বৰ্তমান দেশত টীকাৰ হাহাকাৰৰ বাবে এই ভুল নীতিয়েই দায়ী বুলি কৈছে সুৰেশ যাদৱে।
শুক্রবাৰে চিৰামৰ বিষয়াজনে কয়, বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনা মনাটো উচিত আছিল কেন্দ্রৰ। অগ্রাধিকাৰৰ ভিত্তিত টীকাকৰণ কৰা উচিত আছিল। একেবাৰে প্রথমতে ৩০ কোটি মানুহক টীকা দিয়াৰ কথা আছিল যাৰ বাবে প্রয়োজন ৬০ কোটি পালি। এই ৩০ কোটিৰ টীকাকৰণ সম্পূর্ণ হোৱাৰ পূৰ্বেই ৪৫ ঊর্ধ্বসকলক টীকা দিয়া আৰম্ভ কৰা হ’ল। ইয়াৰ মাজতে আকৌ ওঠৰোর্ধ্বসকলকো টীকা দিয়া আৰম্ভ হৈছে। অথচ কেন্দ্রই জানে যে ইমান টীকাৰ যোগান নাই। এতিয়া টীকাৰ হাহাকাৰতো আছেই, তাৰ লগতে সম্পূৰ্ণ প্রক্রিয়াটোতেই জটিলতা আহি পৰিছে।











