![]()
ছাইদুল ইছলাম
ডিফু : অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে সেনা আৰক্ষীৰ মুখামুখী সংঘৰ্ষত ৬ জনকৈ ডিএনএলএৰ দুৰ্ধৰ্ষ কেডাৰ নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু কেইবাজাঁই সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱতি নিশা অসম-নাগালেণ্ড সীমান্তৰ মিচিবাইলুঙৰ ওচৰত হোৱা উক্ত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হৈছে ৷
কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত অসম ৰাইফলচৰ জোৱান আৰু আৰক্ষীৰ সৈতে ধনশিৰিৰ মিচিবাইলুঙত হৈছিল উক্ত মুখামুখী সংঘৰ্ষ ৷ নিহত উগ্ৰপন্থী সদস্য কেইটা ক্ৰমে, প্ৰেমনাথ জিগদুঙ ওৰফে তামিল ডিমাচা, নৱা ডিমাচা, ফিৰিং ডিমাচা, জিৰদাং ডিমাচা, ধড়কন আৰু ডিমাচা, ৰাউনদাউ ডিমাচা ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে AK-৪৭ ৰাইফল, ৪টা .৩২ পিষ্টল ৪টা 2টা গ্ৰেণেড, ১ টা ৩০৩ ৰাইফল, ৩টা মোবাইল আৰু বহুজাঁই গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ধনশিৰি আৰক্ষী চকীত এক সংবাদমেলৰ আয়োজন কৰি চেণ্ট্ৰেল ৰেঞ্জৰ ডিআইজি সত্যৰাজ হাজৰিকাই কয় যে, উগ্ৰপন্থীৰ দলটোৱে ডকাইতি কৰিবলৈ ধনশিৰি নদী পাৰহৈ মিচিবাইলুঙত প্ৰৱেশ কৰোতে আৰক্ষী আৰু সেনাক দেখা পাই গুলী চালনা কৰে প্ৰত্যুত্তৰত সেনা আৰু আৰক্ষীয়েও গুলী চালনা কৰে ৷ নিশা এন্ধাৰ হোৱাৰ বাবে ঘটনাস্থলীত বিচৰা হোৱাৱা যদিও পুৱাৰ ভাগত উগ্ৰপন্থী কেডাৰৰ ৬টা শৱদেহ উদ্বাৰ কৰিবলৈ সক্ষম হয় ৷ নিৰ্বাচনৰ পূৰ্বে এলেকাটোত অমিত নুনিছা আৰু ১৯ মে’ত সঞ্জয় ৰংহাঙক সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল বুলি কয় ৷
উল্লেখযোগ্য যে, যোৱা ১৯ মেত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত দূৰ্বৃত্তৰ গুলীত সঞ্জয় ৰংহাঙ নামৰ এজন পুৰোহিত নিহত হৈছিল ৷ তেতিয়াৰ পৰাই সৰৱ হৈ পৰিছিল কাৰবি আংলং আৰক্ষী ৷ নৱনিযুক্ত কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল নিৰন্তৰ এলানি অভিযান ৷












