![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্ড সীমান্তৱৰ্ত্তী খটখটীত আজি আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰ’ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম, উপ-পৰিদৰ্শক ক্ৰমে চৰণ মোহন চেতিয়া আৰু মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত খটখটী আৰক্ষীৰ এটা দলে খটখটীৰ টিলাবস্তিত অভিযান চলায়।

উক্ত অভিযানত আৰক্ষীৰ দলটোৱে চাবোনৰ বাকচত লুকুৱাই থোৱা অৱস্থাত ২০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । হেৰ’ইনখিনি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱককো আটক কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজন মণিপুৰৰ চুগুনুৰ চানা টম্বা (২৫) বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰমূল্য প্ৰায় লক্ষাধিক টকাৰ হ’ব বুলি অনুমান কৰা হৈছে ।













