![]()
ছাইদুল ইছলাম
ডিফু : এক শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মেচৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে মেচ কছাৰী জাতীয় পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে । সমিতিৰ সাধাৰণ সম্পাদক মহেশ্বৰ মেচে এক বিবৃতিযোগে সংগঠনটোৰ প্ৰচাৰ সম্পাদক ৰাজীৱ মেচৰ আকস্মিক মৃত্যুৰ বাতৰিত গভীৰ শোক ব্যক্ত কৰি সাংবাদিকগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে সাংবাদিক ৰাজীৱ মেচৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।













