![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ২২ মে’ৰ নিশা কাৰ্বি আংলং জিলাৰ ডিলাইত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ কালি শেষ নিশ্বাস ত্যাগ কৰা ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মেচৰ আজি অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়। আজি সাংবাদিকগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতে ৰাজীৱ মেচৰ নশ্বৰ দেহ নিজ বাসভৱনলৈ নিয়া হয় । ইয়াৰ পিছতে ডিফু নগৰৰ মাজমজিয়াত থকা কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ সাংবাদিকগৰাকীৰ নশ্বৰ দেহ অনা হয় । কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদকৰো দায়িত্বত থকা সাংবাদিকগৰাকীৰ প্ৰতি ডিফুৰ সকলো সাংবাদিকে অন্তিম শ্ৰদ্ধা জ্ঞপন কৰে। জিলাখনৰ এগৰাকী অন্যতম সক্ৰিয়, সৰবৰহী প্ৰিয় সতীৰ্থগৰাকীৰ অন্তিম বিদায় ক্ষণত সাংবাদিকসকলৰ মাজত এক অবৰ্ণনীয় শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।
ইয়াৰ পিছতে সাংবাদিকগৰাকীৰ দেহ তেওঁৰ ডিফুস্থিত পৈতৃক গৃহলৈ নি ধৰ্মীয় নীতি-নিয়ম পালন কৰি ডিফুৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন হোৱাৰ অনুষ্ঠানটো ডিফুৰ সামাজিক ক্ষেত্ৰখনৰ বিভিন্ন ক্ষেত্ৰৰ লোক উপস্থিত থাকি ৰাজীৱ মেচক অন্তিম বিদায় জনায় । কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰতিনিধি হিচাপে সাংবাদিক ৰাজীৱ মেচৰ অন্তিম সংস্কাৰ কাৰ্যসূচীত উপস্থিত থাকি সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধা জনায় ডিফুৰ দুই সাংবাদিক ক্ৰমে বৰছিং ৰংফাৰ আৰু লংছিং টকবিয়ে।













