![]()
ছাইদুল ইছলাম
ডিফু : ১৮-৪৪ বছৰ বয়সৰলোকে টীকা ল’ব লাগিলে কোউইন এপত নাম নথিভুক্ত কৰাৰ নিয়ম বাধ্যতামূলক কৰিছিল কেন্দ্রই। অথচ দেশত এই বয়সৰ বেছিভাগ মানুহৰে ইন্টাৰনেট সেৱা নাই। থাকিলেও নাম নথিভুক্ত কৰাৰ বাবে ইংৰাজী নির্দেশ তেওঁলোকে বুজি নাপায়। তেওঁলোকে টীকা কেনেকৈ ল’ব বুলি প্রশ্ন উঠিছিল। সেয়েহে এইবাৰ এই কাৰণতেই নিয়মত অলপ সালসলনি আনিলে কেন্দ্রই।
এক নির্দেশনাত জনাইছে, যিসকলৰ ইন্টাৰনেট সেৱা বা স্মার্টফোন নাই, তেওঁলোকে টীকাকৰণ কেন্দ্রলৈ আহি কোউইন এপত নাম নথিভুক্ত কৰিব পাৰিব। এনেদৰেই টীকা ল’ব পাৰিব। অৱশ্যে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে।











