![]()
নিউজ ডেস্কঃ
এই বছৰৰ প্রথম পূর্ণ চন্দ্রগ্রহণ ২৬ মে’ত দেখা যাব। ই এটি বিশেষ ঘটনা হ’ব, কাৰণ একেলগে ছুপাৰ মুন, চন্দ্রগ্রহণ আৰু ব্লাড মুন হ’ব। পূর্ণ চন্দ্রগ্রহণ অষ্ট্ৰেলিয়া, প্রশান্ত মহাসাগৰ, পূব মহাসাগৰ আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা দৃশ্যমান হ’ব। আনহাতে, ভাৰতত চন্দ্ৰ পূব দিগন্তৰ তলত থাকিব, যাৰ কাৰণে মানুহে বেছিভাগ স্থানত ব্লাড মুন দেখিবলৈ সক্ষম নহ’ব।
পূব ভাৰতৰ কেইবাটাও অঞ্চলত চন্দ্রগ্রহণৰ শেষ দৃশ্য দেখা যাব, তাকো পূব আকাশৰ দিশে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই চন্দ্রগ্রহণ বুধবাৰে বৃশ্চিক আৰু অনুৰাধা নক্ষত্রৰ মাজত ২০২১ চনৰ ২৬ মে’ত বিয়লি ৩.১৫ত আৰম্ভ হৈ সন্ধ্যা ৭.১৯ মিনিট পৰ্যন্ত চলিব।
পূব এছিয়া বেছিভাগ অংশত, উত্তৰ আৰু দক্ষিণ আমেৰিকাসহ আৰু অষ্ট্ৰেলিয়াৰ পৰা এই সম্পূর্ণ চন্দ্রগ্রহণ দেখা যাব। এই চন্দ্রগ্রহণ জাপান, বাংলাদেশ, দক্ষিণ কোৰিয়া, ম্যানমাৰ, চিঙ্গাপুৰ, ফিলিপাইন, উত্তৰ আৰু দক্ষিণ আমেৰিকাতো দৃশ্যমান হ’ব।











