![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিগত তিনিদিনৰ পৰা বাৰ্মিজ সুপাৰীৰ বিৰুদ্ধে চিৰাং-বঙাইগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান। আজি বিয়লি ৬ বজাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত চলা অভিযানত দুয়ো জিলাৰ সীমান্তৱৰ্তী চৌৰাগুৰীৰ আই নদীৰ পাৰত পৰিত্যাক্ত ঘৰ এটাত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ১১ লাখ টকাৰ ৬০ বস্তাৰ বাৰ্মিজ সুপাৰী। আনহাতে, যোৱা নিশা চৌৰাগুৰীৰ স্বপন কুমাৰ সৰকাৰৰ ঘৰতো অভিযান চলাই আৰক্ষীয়ে আন আকৌ ১৪০ বস্তা বাৰ্মিজ সুপাৰী জব্দ কৰে আৰু এই সুপাৰী খিনি স্বপন কুমাৰ সৰকাৰৰেই আছিল বুলি জানিব পৰা গৈছে।

বুধবাৰৰ নিশা বিজনী মহকুমাৰ অন্তৰ্গত কাৱাটিকাত চিৰাং আৰক্ষীৰ অভিযানত দহ কোটী টকাৰো বাৰ্মিজ সুপাৰি জব্দ কৰিছিল আৰক্ষীয়ে। মুঠতে, বঙাইগাঁও-চিৰাং জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক বাৰ্মিজ সুপাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।













