টীম ইভেণ্টৰ বিজয়ী খিতাপ ডিব্ৰুগড় আৰু বিজেতাৰ খিতাপ গুৱাহাটীৰ দখলত
ASSAM TIMES POST
ডিফু: সদৌ অসম বেডমিণ্টন সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ সহযোগত ডিফুৰ নৱনিৰ্মিত কাছা ইনড’ৰ ষ্টেডিয়ামত ২ ছেপ্তেম্বৰৰ পৰা চলি থকা ৬৭ সংখ্যক ছানৰাইজ সদৌ অসম আন্ত:জিলা বেডমিণ্টন চেম্পিয়ণশ্বীপৰ আজি সফলতাৰে সামৰণি পৰে ৷

ইতিমধ্যে আৰম্ভণি পৰ্বতে ডিব্ৰুগড় জিলাই গুৱাহাটীক পৰাজিত কৰি বিজয়ী হৈছে ৷ শুকুৰবাৰে বিভিন্ন ইভেণ্টৰ চূড়ান্ত খেল সমূহত ১৫ অনুৰ্দ্ধৰ ল’ৰাৰ ছিংগলচত গুৱাহাটীৰ অনুৰাগ তালকদাৰে লক্ষীমপুৰৰ ইয়াছদ্বীপ গগৈক ১৮-২১, ২১-১৯ আৰু ২১- ১২ ছেটত, মহিলা ছিংগলচৰ গুৱাহাটীৰ চুজেনবুঢ়াগোঁহাইয়ে,শিৱসাগৰৰ প্ৰিঞ্চি দাসক ২১-১৪, ১৮-২১, আৰু ২১- ১৯ ছেটত, ১৩ অনুৰ্দ্ধ ল’ৰা ছিংগলছত ডিব্ৰুগড়ৰ ৰোহিত গগৈয়ে ডিগবৈৰ উদয়ণ শইকীয়াক ১৫-৮ আৰু ১৫-৮ ছেটত, ১৯ অনুৰ্দ্ধ ল’ৰা ছিংগলছত গুৱাহাটীত আয়ান ৰাশিদে গুৱাগাটীৰ জিমন কছাৰীক ২১-১৩, ১১-৫ ছেটত (আহত), ১৭ অনুৰ্দ্ধ ল’ৰাৰ ছিংগলছত শিৱসাগৰৰ নব্যৰঞ্জন দাস শিৱসাগৰৰে হিমানিশ শেখৰ দাসক ১৯- ২১, ২৩-২১ আৰু ২১ – ১৫ ছেটত আৰু ১৩ অনুৰ্দ্ধ ল’ৰাৰ ডাবুলছত শিৱসাগৰৰ বৰ্নাম বৰা, শুভংকৰ দত্তই ডিব্ৰুগড়ৰ আয়ান গগৈ আৰু কৌস্তভ বৰাক ১৫-১১, ১১-১৫ আৰু ১৫- ৮ ছেটত, ১৫ অনুৰ্দ্ধ ল’ৰাৰ ডাবুলছত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অনুৰাগ তালুকদাৰ আৰু আৰ্শিষমান ৰাজখোৱাই গুৱাহাটী লক্ষীমপুৰৰ এছষ্ট্ৰেলি সিঙ আৰু ইয়াছদীপ গগৈ২১-১৫, ১৫-২১ আৰু ২, ২১-১১ ছেটত আৰু ১৯ অনুৰ্দ্ধ ল’ৰাৰ ডাবুলছত লক্ষীমপুৰ আৰু শিলচৰৰ অংশুমান গগৈ আৰু সুৰজ গোৱালাৰ যুটীয়ে ড্ব্ৰুগড় গোলাঘাটৰ দিক্ষিত গগৈ আৰু শুভাকৰ বৰবৰুৱাৰ যুটীক ২১, ১৫, ১৮-২১ আৰু ২১ ছেটত পৰাজিত কৰে ৷ মিক্স ডাবুলছত চৰাইদেউ আৰু গোলাঘাটৰ সঙ্গম চুতীয়া আৰৱ মনালী বৰাৰ যুটীয়ে ডিব্ৰুগড়ৰ হিৰকজ্যোতি নেওগ আৰু ঈশাৰাণী বৰুৱাৰ যুটীক ২০- ২২, ২১- ১২ আৰু ২১-১৭ ছেটত পৰাজিত কৰি বিজয়ী মুকুট পিন্ধিবলৈ সক্ষম হয় ৷ আজি চূড়ান্ত খেলৰ চীফ ৰেফাৰী দায়িত্বত থাকে বিনীত গগৈ আৰু মেছ কণ্ট্ৰ’লাৰ গুৱাহাটীৰ জয়ন্ত ঠাকুৰীয়া ৷এইলৈ আয়োজন কৰা বৰ্ণাঢ্য বঁটা বিতৰণি অনুষ্ঠানত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ সাংসদ হৰেণছিং বে’ আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিজয়ী এছ’চিয়েট টুৰ্ণামেণ্ট কমিট্ৰ উপসভাপতি পৰাণ হাজৰিকা, অসম বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক গৌতম মহন্ত, নৰুল আখতাৰ, কাৰ্যবাহী সদস্য ৰিতুৰাজ চেতিয়া উপস্থিত থীকি বিজয়ী আৰু বিজেতা দল আৰু খেলুৱৈ সকলক ট্ৰফী আৰু মানপত্ৰ বিতৰণ কৰে ৷ বাতৰি লিখা পৰলৈকে খেল চলি আছিল ৷
ডিফু ৷













