![]()
নিউজ ডেস্কঃ
এগৰাকী যুৱতীৰ ওপৰত অমানৱীয় অত্যাচাৰৰ এটি ভিডিও ভাইৰেল হৈছে সামাজিক মাধ্যমত। ভিডিওটোত দেখা গৈছে ৫ যুৱকে বেপৰোৱাভাবে মাৰধৰ কৰিছে যুৱতীগৰাকীক। চৰ-থাপ্পৰ-ভুকু মাৰি মাৰি তেওঁক উলংগ কৰি দিয়া হৈছে। ভিডিওটোৰ উক্ত ৫ যুৱকক চিনাক্ত কৰি অবিলম্বে তেওঁলোকৰ সন্ধান বিচাৰিছে অসম আৰক্ষীয়ে। জনাইছে, এই ক্ষেত্ৰত যিসকলে তথ্য দিব পাৰিব তেওঁলোকক মোটা অংকৰ ধনেৰে পুৰস্কৃত কৰা হ’ব। টুইটাৰত ভিডিওটোৰ ৫ যুৱকৰ ছবি শ্বেয়াৰ কৰি অসম আৰক্ষীয়ে লিখিছে, ‘এটি ভাইৰেল হোৱা ভিডিওত এই পাঁচজনক এগৰাকী যুৱতীৰ ওপৰত অত্যাচাৰ কৰা দেখা গৈছে। ক’ত কেতিয়া ঘটনাটি ঘটিছে, সেয়া অৱশ্যে স্পষ্ট নহয়। কিন্তু যিসকলে এওঁলোকৰ সন্ধান দিব পাৰিব, বা এই ঘটনাটি সম্পর্কে কোনো তথ্য দিব পাৰিব, তেওঁলোকক ভালদৰে পুৰস্কৃত কৰা হ’ব৷ ’

উল্লেখ্য ইণ্টাৰনেটত ভাইৰেল হোৱা উক্ত ভিডিওটিত নিৰ্যাতিতা যুৱতীগৰাকী উত্তৰ-পূর্বাঞ্চলৰে বাসিন্দা বুলি প্রাথমিকভাবে অনুমান কৰিছে আৰক্ষীয়ে।
ঘটনাটি সন্দৰ্ভত টুইট কৰিছে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুইও। তেওঁ অৱশ্যে ঘটনাত অভিযুক্ত হিচাবে ৪ যুৱক আৰু এগৰাকী মহিলাৰ কথা উল্লেখ কৰিছে। তেওঁ লিখিছে, ‘উত্তৰ-পূবৰ এগৰাকী যুৱতীক নৃশংসভাৱে অত্যাচাৰ কৰা হৈছে। ধর্ষণ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত ৪জন যুৱক আৰু এগৰাকী মহিলা। চয়তানকেইটাক ধৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাই থকা হৈছে৷’













