![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ছেৱা কৰ্তৃপক্ষৰে আছুৰ নেতৃত্বৰ বৈঠক। বামুণীমৈদামস্থিত ছেৱাৰ মুখ্য কাৰ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনুষ্ঠিত কৰা সন্দৰ্ভত সম্পন্ন হয় বৈঠকখন। উল্লেখ যে আছুৱে পৰীক্ষাৰ্থীৰ শৈক্ষিক বৰ্ষৰ ক্ষতি নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰা বাবে ছেৱাৰ কৰ্তৃপক্ষইক কিছু পৰামৰ্শ আগবঢ়াই।
আছু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই বৈঠকৰ শেষত কয়- মেট্ৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰা বাবে ছেৱা সম্পূৰ্ণ সাজু হৈ আছে। স্বাস্থ্য বিভাগৰ সেউজ সংকেত পালেই অনুষ্ঠিত কৰিব পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেৱা সাজু হৈ থকাটো ভাল কথা’।
উল্লেখ বিভিন্ন শিক্ষক, সংগঠন, শিক্ষাবিদে আগবঢ়োৱা পৰামৰ্শ ছেৱা কৰ্তৃপক্ষক প্ৰদান কৰি আছু সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয়- জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিলে বানপানী সমস্যাও আছে। গতিকে তাৰ ওপৰতো গুৰুত্ব দিব লাগে। পৰীক্ষাৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি ওপৰতো হৈছে আলোচনা। পূৰ্বত কৈ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। নতুনকৈ ২৩২টা নতুন কেন্দ্ৰ চাই থৈছে। প্ৰয়োজন অনুসৰি কেন্দ্ৰৰসমূহ ব্যৱহাৰ কৰিব বুলি জানিব দিছে’।
শীঘ্ৰে পৰীক্ষাৰ মডেলিটি ৰাজহুৱা কৰা বাবেও আছুৱে আহ্বান জনায়। ছাত্ৰ-ছাত্ৰী, অভিভাৱক পৰীক্ষাক লৈ মানসিক আশান্তিত ভুগি আছে কি দৰে অনুষ্ঠিত হ’ব পৰীক্ষা। মানসিক অশান্তি নাইকীয়া কৰিবলৈ অসম চৰকাৰৰ লগত আলোচনা কৰি মডেলিটি তৈয়াৰ কৰি কম সময়ৰ ভিতৰত ৰাজহুৱা কৰিব লাগে’- বৰুৱাই কয়।
কভিডৰ নীতি-নিয়ম ছাত্ৰ-ছাত্ৰীসকলে মানি চলিব পৰাকৈ ছেৱা তৰফৰ পৰা ব্যৱস্থা ল’ব। এজন ছাত্ৰ নামত ২৫টকাকৈ কৰ্তৃপক্ষই খৰছ কৰিব। লগতে পৰীক্ষা গাৰ্ডসকলৰ টীকাকৰণ সম্পূণ হৈছে’- সাধাৰণ সম্পাদকগৰাকীয়ে কয়।
ছাত্ৰ-ছাত্ৰীক আশ্বাস প্ৰদান কৰি বৰুৱাই কয়- অধ্যয়ন বজাই কৰি থাকক।পৰীক্ষা অনুষ্ঠিত হব সেই কথা নিচিন্ত। সকলো সাজু হওঁক পৰীক্ষা দিবলৈ।













